চলিত বৰ্ষৰ ৬ আগষ্ট,বৃহস্পতিবাৰে হিৰ’শ্বিমাৰ ওপৰত পোনপ্ৰথমবাৰৰ বাবে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ ৭৫তম বাৰ্ষিকী উদযাপন কৰা হ’ব আৰু এইটো এটা অতি সন্তোষজনক বিষয় যে হিৰ’শ্বিমা-নাগাচাকিত ১৯৪৫ চনত যি দৰে নিউক্লিয়াৰ অস্ত্ৰৰ ব্যৱহাৰ কৰা হৈছিল,সেই ঘটনাৰ পাচত তেনে কোনো ঘটনাৰ পুনৰাবৃত্তি আজি পৰ্যন্ত ঘটা নাই ৷ এইটো অনুমান কৰা হৈছিল যে এই নিউক্লিয় হত্যাকাণ্ডত কমেও ১২০,০০০ জন নিৰীহ জাপানী লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছিল আৰু লক্ষ লক্ষজন লোক চিৰজীৱনলৈ ঘূণীয়া হৈ গৈছিল ৷ “মাশ্বৰুম ক্লাউড”ৰ পৰা উদ্ভৱ হোৱা সেই তেজস্ক্ৰিয় শ্মশান খনত জীৱিতসকল মৃতসকলৰ প্ৰতিহে ইৰ্ষান্বিত হৈ পৰাটো এটা অতি কৰুণ সত্য ৷
১৯৪৫ চনৰ পৰা এতিয়ালৈকে ৭৫ টা বছৰ অসহজভাৱে অতিবাহিত হোৱাৰ মাজতে ঘটা এক খেলমেলিৰ ঘটনাৰ (১৯৬২ চনৰ কিউবাৰ মিছাইল সংকট) পাচত এইটো তেতিয়াৰ ইউ এছ এ আৰু পূৰ্ৱৰ ইউ এছ এছ আৰে প্ৰতিনিধিত্ব কৰা প্ৰমুখ শক্তিবোৰৰ মাজত থকা কৌশলপূৰ্ণ বিবেকৰ এক সংমিশ্ৰণ ৷ লগতে ভাগ্য আৰু কিছু সময়োপযোগী প্ৰসংশনীয় সংযমতাই একেলগে পৃথিৱীখনক এই মাইলৰ খুটিত উপনীত হোৱাত সহায় কৰিছিল ৷ ১৯৪৫ চনৰ ৯ আগষ্টত নাগচাকিত মাৰাত্মক ‘নিউক’ ব্যৱহাৰ কৰাৰ পাচত আজি পৰ্যন্ত দ্বিতীয়টো পাৰমাণৱিক বোমা ব্যৱহাৰ কৰা হোৱা নাই ৷
যি নহওক, বৰ্তমানৰ বিশ্বৰ পাৰমাণৱিক পৰিদৃশ্যটোলৈ মন কৰিলে আশাবাদী হৈ থকাটো কঠিন হৈ পৰে যে এই অভিলেখ ভংগ নকৰাকৈ পৃথিৱীয়ে হিৰ’শ্বিমাৰ ৮০তম বাৰ্ষিকী উদ্যাপন কৰিবলৈ সুযোগ পাব ৷ ইতিমধ্যে কেইবাটাও জট লগা সূঁতাডালত শেহতীয়াভাৱে সংযোজন হোৱা জটটো হ’ল ৰাষ্ট্ৰসংঘৰ এক অতি গোপনীয় প্ৰতিবেদন ৷ যি প্ৰতিবেদন ৩ আগষ্ট, সোমবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (UNSC) হাতত অৰ্পণ কৰা হৈছিল ৷ এই প্ৰতিবেদন অনুযায়ী উত্তৰ কোৰিয়াই (নিউক্লিয়াৰ অস্ত্ৰৰে বিপথগামী এখন দেশ) “সম্ভৱতঃ বেলেষ্টিক মিছাইলবোৰৰ ৱাৰহে’ডবোৰত সংযুক্ত কৰিব পৰাকৈ সৰু সৰু পাৰমাণৱিক উপকৰণৰ বিকাশ ঘটাইছে” ৷ যিহেতু ইউ এন এছ চি (ভাৰত এতিয়া নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য)ৰ দ্বাৰা এই প্ৰতিবেদনৰ পৰীক্ষা কৰা হ’ব গতিকে ইয়াৰ সত্যতাত কোনো সন্দেহ নাথাকিব ৷ এক খুবেই অশান্ত অঞ্চলত নিজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ পিয়ংয়াঙে লোৱা এই পদক্ষেপ মাত্ৰ এক বৃহৎ বৰফখণ্ডৰ মাথো দেখা পোৱা সৰু অংশটোহে এইয়া ৷ বিশ্বৰ শক্তিশালী আৰু ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ দেশসমূহ (নিৰাপত্তা পৰিষদৰ পাঁচোখন স্থায়ী সদস্য) আৰু প্ৰাচুৰ্যশালী (জি ২০) দেশবোৰে এতিয়াও নিজৰ নিজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ পাৰমাণৱিক অস্ত্ৰৰ ওপৰতে নিৰ্ভৰ কৰে ৷ আৰু ইয়াৰ মূলাধাৰ হ’ল এম এ ডি (mutually assured destruction)৷
এক সংজ্ঞানত্মক স্তৰত,ডব্লিউ এম ডি (ৱেপন অৱ মাছ ডেষ্ট্ৰাক্শ্বন)ৰ ক্ষেত্ৰত পাৰমাণৱিক অস্ত্ৰ প্ৰথমে আহৰণ কৰি তাৰ পাচত তালিকাত অস্ত্ৰৰ সংখ্যা বৃদ্ধি কৰা হয় আৰু জটিল নিৰাপত্তাহীনতাক প্ৰশমিত কৰি ৰাষ্ট্ৰীয় নিৰাপত্তাক সুনিশ্চিত কৰা হয় ৷ যদি কম সংখ্যকেই সেই একেই সুৰক্ষা প্ৰদান কৰিব পাৰে তেনেহ’লে অধিক হোৱাটোৱেই শ্ৰেয় ৷ আনকি পাৰমাণৱিক অস্ত্রৰ জগতখনত প্ৰমুখ শক্তিবোৰে চলাই থকা পৰ্যাপ্ততাৰ সন্ধান এতিয়াও ৰহস্যময় হৈয়ে আছে ৷
উত্তৰ কোৰিয়া আৰু ইয়াৰ সমগোত্ৰীয় পাৰমাণৱিক অস্ত্ৰৰ বাৰ্তাবাহক দেশ (ইউ এছ এ,ৰাছিয়া আৰু চীন)ৰ মাজৰ যোগাযোগ অসংযত কিন্তু একে সময়তে অকাট্যও ৷
শীতল যুদ্ধ তুংগত চলি থকাৰ সময়ত দুই মহা শক্তিৰ হাতত ‘ষ্ট্ৰেটেজিক’ আৰু ‘টেকটিকেল’দুয়োবিধেই, লগতে‘চুটকে’জ ভেৰিয়েন্ট’সহ মিলাই প্ৰায় ৫৫ হাজাৰতকৈও অধিক নিউক্লীয় ৱাৰহে’ড মজুত আছিল ৷ ১৯৯১ চনত ইউ এছ এছ আৰ ভংগ হোৱাৰ পাচত শীতল যুদ্ধোত্তৰ কালছোৱাৰ পৃথিৱীখনত বৃহৎ পৰিমাণে পাৰমাণৱিক অস্ত্ৰৰ নিৰস্ত্ৰীকৰণ কাৰ্য সম্পন্ন কৰা হয় ৷ প্ৰথম পাঁচখন পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰকেইখন আছিল আমেৰিকা যু্ক্তৰাষ্ট্ৰ,ৰাছিয়া (ছোভিয়েট ইউনিয়নৰ পৰা উত্তৰাধিকাৰী সুত্ৰে পোৱা), ইউ কে, ফ্ৰাঞ্চ আৰু চীন ৷ ভাৰতবৰ্ষই প্ৰথমবাৰৰ বাবে ১৯৭৪ চনত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল ৷ কিন্তু এই ক্ষমতাৰে ভাৰতে অস্ত্ৰ তৈয়াৰ নকৰিলে আৰু ‘নিলম্বিত’ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি পায় ৷