অসম

assam

ETV Bharat / bharat

আম্ফানৰ ফলত বিস্তৰ ক্ষতি পশ্চিম বংগত, নিহত 72 - 12 Killed in Bengal at Amphan Cyclone

এইপৰ্যন্ত আম্ফানৰ ফলত পশ্চিম বংগত মুত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ 12 জন । মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা ।

12 Killed in Bengal at Amphan Cyclone
আম্ফানৰ ফলত বিস্তৰ ক্ষতি পশ্চিম বংগত, নিহত 12

By

Published : May 21, 2020, 11:51 AM IST

Updated : May 21, 2020, 5:58 PM IST

নেশ্যনেল ডেক্স,21 মেঃ আম্ফানৰ ফলত বিস্তৰ ক্ষতি পশ্চিম বংগত । ঘূৰ্ণীবতাহৰ ফলত ঘৰ-দুৱাৰ, দোকান-পোহাৰৰ বিস্তৰ ক্ষতি হোৱাৰ উপৰিও পথৰ ওপৰত বাগৰি পৰিছে প্ৰকাণ্ড গছ, উভালি পৰিছে বিদ্যুতৰ খুঁটি । উল্লেখ্য যে, আম্ফানৰ ফলত উত্তৰ কলকাতাৰ কেইবাটাও অঞ্চল ইতিমধ্যে পানীৰ তলত বুৰ গৈছে ।

এইপৰ্যন্ত ৰাজ্যখনৰ উত্তৰ 24 পৰগনা, দক্ষিণ 24 পৰগনা, পূৱ মেদিনীপূৰ, আৰু কলকাতাত ঘূৰ্নীবহাতে আটাইতকৈ বেছি তাণ্ডৱ চলাইছে । আম্ফানত মুত্যু হোৱা লোকৰ সংখ্যা 72 জন বুলি জনায় পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । ইয়াৰ ভিতৰত কলিকতাত মৃত্যু 2 জন , পূৱ মেদিনীপুৰত 6 জন, হাওৰাত 1 জন, হুগলীত 3 জন, উত্তৰ 24 পৰগনাত 2 জন, দক্ষিণ 24 পৰগনাত 4 জন, হলদিয়াৰ এইচ পি এল অঞ্চলত 1জন, আৰু নাদিয়াত 1 জন লোকৰ মৃত্যু । মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা ।

আনহাতে, বুধবাৰে নিশাৰ পৰাই গছ কটা আৰু পথ মোকলোৱাৰ কামত নামি পৰিছে NDRF বাহিনী আৰু পৌৰসভাৰ কৰ্মীসকল । পৰিস্থিত স্বাভাৱিক হ'বলৈ 10 ৰ পৰা 12 দিন সময় লাগিব । কেন্দ্ৰীয় চৰকাৰৰ পৰা সাহাৰ্যৰ আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক- COVID-19 : বিশ্বৰ সামগ্ৰিক তথ্য

Last Updated : May 21, 2020, 5:58 PM IST

ABOUT THE AUTHOR

...view details