অসম

assam

ETV Bharat / bharat

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

7 বজাৰ দহটা শীৰ্ষ বাতৰি
7 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Jan 5, 2021, 7:03 PM IST

অগপক এইডছ ৰোগী আখ্যা ৰকিবুল হুছেইনৰ

অগপক এইডছ ৰোগী আখ্যা প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনৰ। মঙলবাৰে গুৱাহাটীত অগপক সমালোচনা কৰি এই দৰে মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে । CAA সম্পৰ্কত অগপৰ শেহতীয়া স্থিতিক লৈ এই সমালোচনা কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক জনৰ । ইপিনে ইজনৰ পিছত সিজনকৈ নেতাই কংগ্ৰেছ ত্যাগ কৰিলেও বৰ্তমান কংগ্ৰেছৰ মাজত সংঘাত মতানৈক্য হ্ৰাস পাইছে বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে।

ৰাজস্থানত কাউৰীৰ পাছত এইবাৰ বগলীৰ শৰীৰত বাৰ্ড ফ্লু

বিগত এটা সপ্তাহত মৰুভূমিৰ ৰাজ্য ৰাজস্থানত বাৰ্ড ফ্লুত আক্ৰান্ত হৈ মুঠ 522 টা চৰাইৰ মৃত্যু হৈছে ৷ ইয়াৰে 471 টা কেৱল কাউৰী হোৱাৰ বিপৰীতে অন্যবোৰ বগলী আৰু টোকোৰা চৰাই ৷ ইতিমধ্যে চৰাইৰ মাজত H5N1 ভাইৰাছৰ সংক্ৰমণৰ অৱস্থিতি হিমাচল প্ৰদেশ,ৰাজস্থান আৰু মধ্যপ্ৰদেশতো ধৰা পৰিছে ৷

মৰ্মান্তিকঃ খেলি থকা অৱস্থাতে অগ্নিদদ্ধ হৈ নিহত দুই শিশু

কোকৰাঝাৰৰ কচুগাঁৱত খেলি থাকোতে জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক আঁকোৱালি লৈছে দুই শিশুৱে ৷ জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লোৱা দুই শিশু ক্ৰমে অমিন্দ্ৰ কিস্কুৰ কন্যা আৰ্চিনা কিস্কু (৪) আৰু সোম হেমব্ৰমৰ পুত্ৰ মণিৰাম হেমব্ৰম (৫) বুলি জানিব পৰা গৈছে ৷

কেম্প ফায়াৰৰে সামৰণি পৰিল চানডুবি মহোৎসৱৰ

4 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা চানডুবি মহোৎসৱৰ যোৱা নিশা অন্ত পৰিল ৷ নৱবৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা 4 দিনীয়া বনাৰ্ঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছিল চানডুবি মহোৎসৱ ৷ প্ৰতিদিনে ভিৰ কৰিছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকে ৷

বাক্সাৰ মেছগুৰিত পুতি থোৱা অৱস্থাত উদ্ধাৰ মাৰণাস্ত্ৰ

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ মেছগুৰিত উদ্ধাৰ হৈছে মাৰণাস্ত্ৰ ৷ নৈৰ পাৰত দুৰ্বৃত্তই পুতি থোৱা অৱস্থাত উদ্বাৰ হৈছে 9 এমএম পিষ্টল সহ ১১ জাই সজীৱ গুলি ৷

বন বিভাগৰ আশীৰ্বাদঃ বেঁকী নৈৰ বুকুত অবৈধ বালি খনন

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চানপুৰ বেঁকী নদীৰ চৰত দিনে নিশাই চলিছে অবৈধ বালি খনন। যি খনন কাৰ্যই কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চানপুৰ,বালিকুৰি,জনতা,শওঁপুৰ,সুঁতিৰপাথাৰ,কলগাছিয়া আদি কেইবাখনো ৰাজহ গাঁৱলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি ।

শিল ভাঙি জীৱন নিৰ্বাহ কৰা ভাৰত-ভূটান সীমান্তৰ এটা অঞ্চল

আজিও চৰকাৰী আঁচনিৰ বিষয়ে বুজি নাপায় বাক্সা জিলাৰ সুৱনখাটাৰ কেইবাখনো গাঁৱৰ ৰাইজে ৷ কিয়নো সকলো ধৰণৰ চৰকাৰী সুবিধাৰ পৰাই বঞ্চিত তেওঁলোক ৷

ডিমৌৰ টনা-আঁজোৰা দলং খনৰ কথা জানেনে ?

ডিমৌৰ এখন বিশেষ দলং এতিয়া হৈ পৰিছে সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ জনপ্ৰতিনিধিৰ গুৰুত্বহীনতাৰ বিপৰীতে ডিমৌ কিনাৰ গাঁৱৰ হৰেশ্বৰ বাইলুং নামৰ বিশেষভাৱে সক্ষম ব্যক্তিয়ে নিৰ্মাণ কৰি উলিয়াইছে এখন বিশেষ দলং ৷ দলং খনৰ নাম ৰখা হৈছে টনা-আঁজোৰা দলং ।

চাবুৱাত অসম গণ পৰিষদৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি

সোমবাৰে অগপ দলটোৱে চাবুৱা বিধান পৰিষদৰ উদ্যোগত আয়োজন কৰা এখন বৰ্দ্ধিত কাৰ্য নিৰ্বাহকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । চাবুৱা বিধান পৰিষদৰ সভাপতি লাচিত মাউতৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ন সাজেৰে নতুন বছৰত চাবুৱা সমষ্টিত ৫০ হাজাৰ ভোটাৰক এজিপিত যোগদানৰ লক্ষ্যৰে দলটোৰ নেতৃত্বই 7099112233 নম্বৰ ৰাইজলৈ মুকলি কৰে ।

চ্চ ন্যায়ালয়ৰ গোচৰ তালিকাত নাহিল অখিল গগৈৰ শুনানি

মঙলবাৰেও ন্যায়ালয়ৰ গোচৰ তালিকাত স্থান নাপালে অখিল গগৈৰ শুনানিয়ে । যাৰ বাবে আশাহত হৈছে ৰাইজৰ দলৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি ।

ABOUT THE AUTHOR

...view details