অসম

assam

ETV Bharat / bharat

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

7 pm top ten news
7 pm top ten news

By

Published : Dec 17, 2020, 6:58 PM IST

অসমৰ যুৱকেই বাংগালুৰুত ধৰ্ষণ কৰি হত্যা কৰিলে অসমৰে মেধাৱী ছাত্ৰীক

বাংগালুৰুত হত্যাৰ বলি অসমৰ এগৰাকী যুৱতী ৷ অধ্যয়নৰ বাবে বাংগালুৰুলৈ যোৱা যুৱতী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উঠিছে ৷ অসমৰেই গোৱালপাৰা জিলাৰ এজন যুৱক আৰু দুই সহযোগীৰ বিৰুদ্ধে উঠিছে ধৰ্ষণ আৰু হত্যাৰ অভিযোগ ৷ ইতিমধ্যে কৰ্ণাটক আৰক্ষীয়ে আটক কৰিছে অভিযুক্তক ৷

বন্ধ নহয় উত্তৰ পূৰ্বাঞ্চলৰ কোনো আকাশবাণী কেন্দ্ৰ

উত্তৰ পূৱৰ কোনো আকাশবাণী কেন্দ্ৰ বন্ধ নহয়,পূৰ্বৰ দৰেই সকলো কাম কাজ চলি থাকিব।অৱশেষত স্পষ্ট কৰিলে প্ৰসাৰ ভাৰতীয়ে। বন্ধ হোৱাৰ বাতৰিক উৰা বাতৰি বুলিহে অভিহিত প্ৰচাৰ ভাৰতীৰ।

টীয়কত অসম জাতীয় পৰিষদৰ ৰণডংকা

বৃহস্পতিবাৰে টিয়ক সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ডেৰ সহস্ৰাধিক সমৰ্থকে শিৱসাগৰত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনলৈ ৰাওনা হয় ৷ টীয়কৰ পৰা শিৱসাগৰ অভিমুখে ৰেলী কৰি দলীয় শক্তি প্ৰদৰ্শন কৰে অসম জাতীয় পৰিষদৰ সমৰ্থ সকলে ৷

গুৱাহাট পৌৰ নিগমে ব্যৱসায়ী সকলক শোষণ কৰি আহিছে

গুৱাহাটী পৌৰ নিগমৰ হিটলাৰী কাণ্ডৰ বিৰুদ্ধে অভিযোগ আনি বৃহস্পতিবাৰে সংবাদমেলযোগে এইদৰে সৰৱ হ’ল মহানগৰৰ পৌৰ নিগম এলেকাৰ অন্তৰ্গত ব্যৱসায়ী সকল ৷ উন্নত বজাৰ গৃহ নিৰ্মাণৰ নামত ব্যৱসায়ী সকলৰ পৰা অত্যাধিক ভাড়া আদায়ৰ বিৰুদ্ধে সুচ্চাৰ হোৱা দেখা গ’ল গুৱাহাটী পৌৰ নিগমৰ কেন্দ্ৰীয় বজাৰ সমিতিৰ বিষয়ববীয়া সকলক ৷

অসম জাতীয় পৰিষদৰ সভাপতি পদত অধিষ্ঠিত লুৰীণজ্যোতি গগৈ

সামৰণি পৰিল অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনৰ ৷ শিৱসাগৰত অনুষ্ঠিত অভিৱৰ্তনৰ শেষৰটো দিনত ৪৭ জনীয়া ৰাজ্যিক সমিতি গঠনৰ লগতে দলৰ ৰাজনৈতিক প্ৰস্তাৱ সমূহ গ্ৰহণ কৰা হয় ৷ য'ত দলৰ ভৱিষ্যৎ কাৰ্যপন্থা চলাই নিবলৈ ১৯ দফীয়া এক ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ কৰে প্ৰতিনিধি সভাত ৷

কাশ্মীৰত বিজেপি ৰেলিৰ সমীপত গ্ৰেনেড আক্ৰমণ

বিজবেহাৰা হাস্পতালৰ ওচৰত নিয়োজিত নিৰাপত্তা বাহিনীৰ এটা দললৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গ্ৰেনেডটো নিক্ষেপ কৰে । গ্ৰেনেডটো বিস্ফোৰণত চি আৰ পি এফৰ জোৱানজন আঘাতপ্ৰাপ্ত হয় ।

২১ৰ নিৰ্বাচনতো অসমত অটুট থাকিব "ৰামধেনু মিত্ৰতা"-বৈজয়ন্ত পাণ্ডা

২১ ৰ নিৰ্বাচনতো অসমত অটুট থাকিব "ৰামধেনু মিত্ৰতা ৷ গুৱাহাটীত বৃহস্পতি এখন সংবাদমেলত ভাগ লৈ এই মন্তব্য কৰে অসম প্ৰদেশ বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাই ৷

ধ্বংসৰ গৰাহত ঐতিহাসিক আৰিমত্ত গড়

ইতিহাসৰ এক অবিচ্ছেদ্য অংগ বৈদ্যগড় বা আৰিমত্ত গড় ৷ সেই ইতিহাস প্ৰসিদ্ধ আৰিমত্ত গড় আজি অস্তিত্বৰ সংকটত ৷ যি ঐতিহাসিক সমল ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

আধাৰ কাৰ্ড বনোৱাৰ নামত বৰপেটাত অনিয়ম

আইনাল হক নামৰ লোকজনৰ ঘৰত নিশা অবৈধভাবে আধাৰ কাৰ্ডৰ কাম কৰি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে পাঁচজন যুৱকক ।

দলিলৰ ক’লা বজাৰক লৈ বিব্ৰত ধুবুৰীৰ অধিবক্তা সমাজ

ধুবুৰীত দলিলৰ বৃহৎ ক’লা বজাৰ অব্যাহত থকাক লৈ সৰৱ অধিবক্তা সমাজ । দলিলৰ নাটনি দেখুৱাই বিগত চাৰি পাঁচ বছৰে একাংশ দালাল চক্ৰই ক’লা বজাৰত অধিক দামত বিক্ৰী কৰি আহিছে দলিল । শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী অধিবক্তা সকলৰ ।

ABOUT THE AUTHOR

...view details