অসম

assam

ETV Bharat / bharat

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

7 বজাৰ দহটা শীৰ্ষ বাতৰি
7 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Oct 28, 2020, 6:36 PM IST

JEE কেলেংকাৰীৰ অভিযুক্তক গ্ৰেপ্তাৰ

আৰক্ষীৰ জালত পৰিছে JEE কেলেংকাৰীৰ অভিযুক্ত ৷ টকাৰ বিনিময়ত জালিয়াতি কৰি পৰীক্ষাত উত্তীৰ্ণ হৈছিল নীল নক্ষত্ৰ দাস নামৰ এজন যুৱক ৷ মহানগৰীৰ বৰঝাৰস্থিত ION Digital Zone ত জালিয়াতি চলাৰ অভিযোগ ৷

টিকটকেন্দ্ৰিক ৰাজনীতি: বহু সমষ্টিত বিজেপিৰ ভিতৰচৰাত আৰম্ভ হৈছে যুঁজ

কেইবাটাও সমষ্টিত বৰ্তমানৰ বিজেপি বিধায়ক মুখামুখি হ'বলগীয়া হৈছে তীব্ৰ প্ৰত্যাহ্বানৰ । কোনো বিৰোধী দল বা দলৰ বাহিৰা শক্তিৰ পৰা অহা নাই এই প্ৰত্যাহ্বন ৷ আহিছে দলৰ ভিতৰৰ পৰাই ।

হোজাইৰ লংকাত উপস্থিত বিধায়ক শিলাদিত্য দেৱ

লংকাত উপস্থিত বিধায়ক শিলাদিত্য দেৱ ৷ উৰণীয়া সেঁতুৰ কাম নিৰীক্ষণ কৰাৰ লগতে লংকা চহৰ আৰু হাফলং পথৰ শোচনীয় অৱস্থা নিৰীক্ষণ কৰাৰ উদ্দেশ্যে উপস্থিত বিধায়ক গৰাকী ।

পথ নিৰ্মাণৰ দাবীত মৰাণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দিচাংপানী আঞ্চলিক সমিতিৰ সদস্যসকলে বুধবাৰে মৰাণহাট আৰক্ষী চকীৰ অন্তৰ্গত লেচাই হাবিত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ মৰাণ-সোণাৰি সংযোগী পথ শীঘ্ৰে নিৰ্মাণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

এয়া গণতন্ত্ৰৰ বাবে ভাল লক্ষণ নহয়: নৱ শৰণীয়া

বুধবাৰে দিশপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে সাংসদ নৱ শৰণীয়াই ৷ সাংসদগৰাকীয়ে বিটিচি নিৰ্বাচনৰ প্ৰসংগত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য় আগবঢ়ায় ৷

শিৱসাগৰত ভুৱা আবকাৰী কনিষ্টবল আটক

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ভয়ানক তথ্য ৷ দুধনৈৰ পৱন বৰা নামৰ এটা মধ্যভোগীয়ে গুৱাহাটীৰ এখন হোটেলত কৰ্মৰত প্ৰসেনজিতক ৪৮ হাজাৰ টকাৰ বিনিময়ত প্ৰদান কৰিছিল নিযুক্তিপত্ৰখন ।

নিৰ্বাচনত বিজয়ৰ বাবে ৰিপাব্লিকান দলক কিহৰ প্ৰয়োজন ?

2020 ইলেক্টাৰলেণ্ট কলেজ ৰেটিংছৰ ৰন্ধন ৰাজনৈতিক প্ৰতিবেদন অনুসৰি,ডেমোক্ৰেটিক সকলৰ 290 টা নিৰ্বাচনী ভোট আছে আৰু ৰিপাব্লিকান দলৰ 163 টা ভোট আছে ৷

সুচল যাতায়াতৰ অভাৱে দুৰ্ভোগ ভুগাইছে দলগাঁওবাসীক

যাতায়াতৰ ক্ষেত্ৰত ব্যাপক দুৰ্ভোগ ভুগিবলগীয়া হৈছে দলগাঁও সমষ্টিৰ বৰগৰা-বটাবাৰী অঞ্চলৰ লোকে ৷ উপায়ন্তৰ ৰাইজে বাঁহ-কাঠেৰে নিৰ্মিত এখন ভূৰেৰে অব্যাহত ৰাখিছে তেওঁলোকৰ যাত্ৰা ৷

ৰাৱণ দাহনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত আবেদন ইণ্ডোৰৰ পৰিয়ালৰ

ৰাৱণৰ প্ৰতিমূৰ্তি জ্বলোৱা নিষিদ্ধ কৰাৰ বাবে ইণ্ডোৰৰ এটা পৰিয়ালে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে । পৰিয়ালটোৰ অভিযোগ অনুসৰি,ইণ্ডোৰত ৰাৱণৰ এটা মন্দিৰ নিৰ্মাণ কৰিছে য'ত প্ৰতিবছৰে ৰাৱণক পূজা অৰ্চনা কৰা হয় ৷

শিৱসাগৰত শিক্ষাবিদ সোণাৰাম বৰুৱাৰ অভিনন্দন গ্ৰন্থ উন্মোচন

শিৱসাগৰত গ্ৰন্থ উন্মোচনী সভা ৷ শিক্ষাবিদ, সু-সাহিত্যক সোণাৰাম বৰুৱাৰ 'অভিনন্দন' গ্ৰন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন ৷ ক'ভিড-19 ৰ চৰকাৰী সমূহ নীতি-নিৰ্দেশনা মানি চলি অনুষ্ঠিত হয় সভাখন ৷

ABOUT THE AUTHOR

...view details