নিউজ ডেস্ক, 1 আগষ্ট : অযোধ্যা আইনৰ অধীনত অধিগ্ৰহণ কৰা হোৱা 67 একৰ ভূমি শনিবাৰে আনুষ্ঠানিকভাৱে ৰামমন্দিৰ ন্যাসক প্ৰদান কৰা হয় ৷ শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসক প্ৰস্তাৱিত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে শনিবাৰে এই ভূমিখিনি আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হয় ৷
কাশীৰ জংগমৱাদী মঠত জগৎগুৰু বিশ্বৰাধ্যা গুৰুকুলৰ শতবাৰ্ষিকী অনুষ্ঠানত ছমাহ পূৰ্বে এই সন্দৰ্ভত ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী মোডীয়ে ৷
5 আগষ্টত প্ৰস্তাৱিত ৰাম মন্দিৰ নিৰ্মাণস্থলীত ভূমি পূজন অনুষ্ঠিত হ'ব ৷ এই অনুষ্ঠানৰ বাবে অযোধ্যাক সম্পূৰ্ণ নতুন ৰূপত সজাই পৰা তোলা হৈছে,নিয়োগ কৰা গৈছে অতিৰিক্ত বাহিনী ৷ মন্দিৰ ন্যাসৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া ভূমি পূজনত মন্দিৰৰ শিলান্যাস কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এই অনুষ্ঠানত দেশৰ প্ৰায় 200 বিশিষ্ট ব্যক্তি উপস্থিত থাকিব আৰু এই অনুষ্ঠান উপলক্ষে মন্দিৰ ন্যাসে প্ৰায় 1,10,000 লাডু প্ৰস্তুত কৰি উলিয়াইছে ৷ প্ৰস্তাৱিত ৰাম মন্দিৰৰ ভূমি পূজনৰ দিনটোত আমেৰিকাৰ প্ৰখ্যাত নিউয়ৰ্ক স্কোৱেৰকো ৰাম মন্দিৰৰ আৰ্হিত আলোকেৰে সজ্জিত কৰি তোলা হ'ব ৷