বেংগালুৰুত 64 ফুট উচ্চতাৰ বিশ্বৰূপা মহাবিষ্ণুৰ মূৰ্ত্তি
মঙলবাৰে কোঠাণ্ডাৰামাস্বামী মন্দিৰ কৰ্তৃপক্ষই মন্দিৰটোত স্থাপনৰ বাবে 300 টন ওজনৰ 64 ফুট উচ্চতাৰ এক বিশাল বিশ্বৰূপা মহাবিষ্ণু মূৰ্ত্তি আনে
কোঠাণ্ডাৰামাস্বামী মন্দিৰ
নিউজ ডেস্ক, 5 জুনঃ বেংগালুৰুৰ বিবেকনগৰ কোঠাণ্ডাৰামাস্বামী মন্দিৰত স্থাপন কৰিবলৈ লোৱা এটি মূৰ্ত্তিয়ে আকৰ্ষণ কৰিছে ভক্তপ্ৰাণ ৰাইজক ৷ মঙলবাৰে কোঠাণ্ডাৰামাস্বামী মন্দিৰ কৰ্তৃপক্ষই মন্দিৰটোত স্থাপনৰ বাবে 300 টন ওজনৰ 64 ফীট উচ্চতাৰ এক বিশাল বিশ্বৰূপা মহাবিষ্ণু মূৰ্ত্তি লৈ আহে ৷ যাৰ বাবে মন্দিৰ চৌহদত মূৰ্ত্তিটো প্ৰত্যক্ষ কৰিবলৈ ভিৰ কৰে অগণন ভক্তপ্ৰাণ ৰাইজে ৷