মধ্য প্ৰদেশ , 3 অক্টোবৰঃ মধ্য প্ৰদেশৰ ৰাইছেন জিলাত বৃহস্পতিবাৰে সংঘটিত এক বাছ দুৰ্ঘটনাত অতি কমেও 6 জন লোকৰ মৃত্যু হোৱাৰ লগতে 19 জন লোক গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় ৷ তথ্য অনুসৰি 85 জন যাত্ৰী কঢ়িয়াই অনা বাছখনে এখন দলঙৰ ওপৰত দুৰ্ঘটনাত পতিত হৈ নদীত বাগৰি পৰে ৷ বৃহস্পতিবাৰে পুৱতি নিশা 2 বজাত ইন্দোৰৰ পৰা চাট্টাপুৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় বাছখন ৷ উদ্ধাৰ অভিযান খৰতকীয়া কৰিবৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হয় ৷ আৰক্ষীৰ লগতে স্থানীয় ৰাইজো নামি পৰে উদ্ধাৰ অভিযানত ৷ জিলা উপায়ুক্ত গৰাকীয়ে জনায় যে, দুৰ্ঘটনা সংঘটিত হোৱা নদীখনৰ পানীৰ গতিবেগ অত্যন্ত বেছি আছিল য'ত বাছখনৰ প্ৰায় দুই-তৃতীয়াংশই সোমাই গৈছিল ৷ নিহত সকলৰ মৃতদেহ সমূহ উদ্ধাৰকাৰী দলে ইতিমধ্যে উদ্ধাৰ কৰিছে ৷ গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্তসকলক ভূপাল হাস্পতাললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰাৰ লগতে আন সকলক কাষৰে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ আঘাটপ্ৰাপ্ত সকলক "ৰেড ক্ৰছ"ৰ ফালৰ পৰা 10000 টকাকৈ সাহাৰ্য দিয়া হ'ব বুলিও জনায় জিলা উপায়ুক্ত গৰাকীয়ে ৷ নিহত সকলৰ ভিতৰত তিনিজন পুৰুষ, দুগৰাকী মহিলাৰ লগতে দুবছৰীয়া এটি শিশুৰ মৃত্যু হয় ৷ দুৰ্ঘটনাটোৰ কাৰণ জানিবৰ বাবে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে প্ৰশাসনে ৷
পুৱতি নিশা মধ্য প্ৰদেশত মৃত্যুৰ কিৰিলি - bus accident in madhya pradesh
পুৱতি নিশা 2 বজাত দলঙৰ ওপৰত দুৰ্ঘটনাত পতিত হৈ নদীত বাগৰি পৰিল যাত্ৰীবাহী বাছ ৷ দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীত উপস্থিত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ৷
মধ্য প্ৰদেশত ভয়ংকৰ বাছ দুৰ্ঘটনাত 6 জনৰ মৃত্যু