অসম

assam

By

Published : Aug 31, 2020, 3:48 PM IST

ETV Bharat / bharat

গংগা নদীৰ ভয়াৱহ খহনীয়া ৫৫টা বাসগৃহ জাহ

চকুৰ সন্মুখতে গংগা নদীৰ ভয়াৱহ খহনীয়াত জাহ গ'ল আটোমটোকাৰিকৈ সজা আপোন ঘৰখন। মৰমৰ ঘৰখন হেৰুৱাই দিক-বিদিক হেৰুৱাইছে ৫৫টা পৰিয়ালে। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গৃহহীন পৰিয়ালকেইটাৰ মাজত।

গংগা নদীৰ ভয়াৱহ খহনীয়া ৫৫টা বাসগৃহ জাহ
গংগা নদীৰ ভয়াৱহ খহনীয়া ৫৫টা বাসগৃহ জাহ

নেশ্যনেল ডেস্ক,৩১আগষ্ট: গংগা নদীৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে পশ্চিমবংগৰ মালদা জিলাত। খহনীয়াই উছন কৰিলে ৫৫টা পৰিয়ালৰ বাসগৃহ। আপোন ঘৰখন হেৰুৱাই দিক-বিদিক হেৰুৱাইছে গৃহহীন লোকসকলে। কালিয়াচক ব্লক ৩ৰ খণ্ড উন্নয়ন বিষয়া গৌতম দত্তই প্ৰকাশ কৰা তথ্য অনুসৰি বীৰনগৰ পঞ্চায়তৰ অন্তৰ্গত চাইনা বজাৰ গাঁৱত গংগা নদীৰ জলস্তৰ হঠাত্ হ্ৰাস হয়। ফলত খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰে। কালৰূপী খহনীয়াত ৫৫টা পৰিয়ালৰ ঘৰৰ উপৰিও প্ৰায় ৭০ মিটাৰ ভূমি জাহ যায়। কিছুসংখ্যক বাসগৃহৰ দেৱাল খহি যোৱাৰ লগতে বাসগৃহৰ আধা অংশ উটুৱাই নিছে নদীৰ সোঁতে। আনহাতে সম্পূৰ্ণকৈ ঘৰ উছন হোৱা ২৫টা গৃহহীন পৰিয়ালক ইতিমধ্য়ে সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে। খহনীয়াত সৰ্বশ্ৰান্ত হৈ আশ্ৰয় শিবিৰত দুৰ্বিসহ জীৱন অতিবাহিত কৰা পৰিয়ালবোৰৰ মাজত খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰিছে বুলি প্ৰকাশ কৰিছে খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে। এই বিষয়ে মালদাৰ জিলা দণ্ডাধিকাৰী ৰাজৰ্ষি মিত্ৰই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে।

ABOUT THE AUTHOR

...view details