ইম্ফল, 28 মাৰ্চঃ মহামাৰী কোভিড-১৯ ৰ সংক্ৰমন ৰোধৰ বাবে ৰাজ্য় চৰকাৰৰ লগতে কেন্দ্ৰই প্ৰদান কৰে লক ডাউনৰ সময়চোৱাত বিগত কেইদিনত মণিপুৰত আটক হৈছে ৪৫ জন লোক। এই লোকসকলে লকডাউন নামানি ঘূৰি ফুৰিছিল আৰু সমবেত হৈছিল । এই তথ্য সদৰি কৰিছে মণিপুৰ আৰক্ষীয়ে । লগতে জনাই যে, লকডাউন ঘোষণাৰ পিছৰপৰাই অমান্য কৰি আহিছিল এইসকল লোকে ।
মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধান এল এম খাউচে শুকুৰবাৰে সন্ধিয়া লোকসকলক ঘৰতে সোমাই থাকিবলৈ আহ্বান জনাই আৰু লগতে নিয়ম ভংগকাৰী লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি সকলোকে সাৱধান কৰি দিয়ে।