নিউজ ডেস্ক, ১৩ মে' :কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বলত বুধবাৰে ৪১ গৰাকী নতুনকৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা সুৰক্ষাকৰ্মী পোৱা গৈছে । ইয়াৰ পিচতেই বাহিনীটোত কোভিড-১৯ত আক্ৰান্ত সুৰক্ষাকৰ্মীৰ সংখ্যা সৰ্বাধিক ১০৯ গৰাকী হয় ।
চিআইএছএফে প্ৰকাশ কৰা বিজ্ঞপ্তি অনুসৰি, কলকাতাৰ GRSELত কৰ্মৰত ৩৭ গৰাকী চিআইএছএফ কৰ্মী কৰ'ণা ভাইৰাছ পজিটিভ হোৱাৰ লগতে দিল্লী মেট্ৰ'ত কৰ্মৰত ৪গৰাকী এই ভাইৰাছত আক্ৰান্ত হয় ।
ইয়াৰ পিচতেই কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত কোভিড-১৯ত আক্ৰান্ত সুৰক্ষাকৰ্মীৰ সংখ্যা বৃদ্ধি হৈ ৮০০ হৈছে । ইয়াৰ ভিতৰত চিআৰপিএফত সৰ্বাধিক ২৪০ গৰাকী, আইটিবিপিত ৮২ গৰাকী, বিএছএফত ৩০৩ গৰাকী আৰু এছএছবিত ১৮ গৰাকী কোভিড-১৯ত আক্ৰান্ত হৈছে ।
গাৰ্ডেন ৰিচ্ছ শ্বীপবুইল্ডাৰছ এণ্ড ইঞ্জীনিয়াৰছ লিমিটেডত কৰ্মৰত চিআইএছএফৰ এগৰাকী ৫৫ বৰ্ষীয় সহকাৰী উপ-পৰিদৰ্শক মৃত্যুমুখত পৰে । ইয়াৰ পিচতেই চিআইএছএফত কোভিড-১৯ৰ ফলত নিহত সুৰক্ষাকৰ্মীৰ সংখ্যা হয়গৈ ৩গৰাকী । বৰ্তমানলৈ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত সৰ্বাধিক ৬ গৰাকী সুৰক্ষা কৰ্মী নিহত হৈছে । ইয়াৰ ভিতৰত বিএছএফত দুগৰাকী আৰু চিআৰপিএফত এগৰাকী আছে ।