অসম

assam

ETV Bharat / bharat

নিৰ্বাচনৰ পূৰ্বেই নক্সালবাদীৰ হাতত শ্বহীদ বি এছ এফ জোৱান

লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে নক্সাল অধ্যুষিত ছত্তিশগড়ত নিয়োগ কৰা বি এছ এফ বাহিনীৰ চাৰিগৰাকী জোৱান শ্বহীদ হয় ৷

ছত্তিশগড় সংঘৰ্ষ

By

Published : Apr 4, 2019, 8:40 PM IST

নিউজ ডেস্ক, 4 এপ্ৰিলঃ নক্সাল অধ্যুষিত ছত্তিশগড়ত নিৰাপত্তাৰ বাবে নিয়োগ কৰা বি এছ এফ বাহিনীৰ সৈতে সংঘৰ্ষৰ সূত্ৰপাত নক্সালবাদীৰ৷ বৃহস্পতিবাৰে জিলাখনৰ মাহলা জংঘলত হোৱা সংঘৰ্ষৰ ফলত শ্বহীদ হয় চাৰিগৰাকীকৈ বি এছ এফ জোৱান ৷

ছত্তিশগড় সংঘৰ্ষ

বৃহস্পতিবাৰে দিনৰ প্ৰায় 12 বজাত ৰাজ্যখনৰ কাংকেৰ জিলাত হোৱা সংঘৰ্ষত বাহিনীটোৰ এগৰাকী সহকাৰী উপ-পৰিদৰ্শকসহ শ্বহীদ হয় আন তিনিগৰাকী জোৱান ৷ ছত্তিশগড় আৰক্ষীৰ নক্সালবিৰোধী শাখাৰ উপ-মহাপৰিদৰ্শক পি সুন্দৰৰাজে প্ৰকাশ কৰিছে এই কথা৷ কাংকেৰ জিলাৰ পাখানজুৰ অঞ্চলত থকা বি এছ এফৰ 114 বাহিনীত কৰ্মৰত আছিল শ্বহীদ জোৱানসকল ৷ আনহাতে সংঘৰ্ষৰ ফলত আহত হয় আন দুগৰাকী বি এছ এফ জোৱান ৷

ছত্তিশগড় সংঘৰ্ষ

শ্বহীদ জোৱানকেইগৰাকী, এগৰাকী সহকাৰী উপ-পৰিদৰ্শক , কনিষ্টবল ৰামকৃষ্ণণ, কনিষ্টবল সোমেশ্বৰ, কনিষ্টবল ইছৰাৰ খান আৰু আহত জোৱানকেইগৰাকী সহকাৰী কামাণ্ডেন্ট গপুৰাম আৰু পৰিদৰ্শক গোপাল ৰাম বুলি জানিব পৰা গৈছে ৷

ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে শ্বহীদ জোৱানসকলক অন্তিম শ্ৰদ্ধাঞ্জলী প্ৰদান কৰাৰ লগতে মৃতদেহসমূহ ৰায়পুৰলৈ লৈ অনা হৈছে ৷ ৰায়পুৰত মৰনোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পৰৱৰ্তী সময়ত শ্বহীদ জোৱানসকলৰ মৃতদেহসমূহ নিজগৃহলৈ প্ৰেৰণ কৰা হ'ব ৷

ABOUT THE AUTHOR

...view details