অসম

assam

ETV Bharat / bharat

হিমাচল প্ৰদেশত 500 ফুট গভীৰ খাৱৈত বাগৰিল বাছ , 43 নিহত

60 গৰাকীৰো অধিক যাত্ৰী থকা বাছখনত সৰহ সংখ্যক যাত্ৰী শিক্ষাৰ্থী আছিল ৷ বিয়লি প্ৰায় 4 বাজি 10 মিনিটত বাছখন দুৰ্ঘটনাগ্ৰস্ত হয় ৷ প্ৰশাসনে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷ গুৰুতৰভাৱে আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

KULLU

By

Published : Jun 20, 2019, 8:22 PM IST

Updated : Jun 20, 2019, 11:42 PM IST

কুল্লু,20জুন:হিমাচল প্ৰদেশৰ কুলুত 500 ফুট দ খাৱৈত বাগঢ়ি পৰি বাছ দুৰ্ঘটনাগ্ৰস্ত ৷ প্ৰায় 43 গৰাকী লোক নিহত হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত প্ৰায় 35 গৰাকী ৷

হিমাচল প্ৰদেশত 500 ফুট গভীৰ খাৱৈত বাগৰিল বাছ

জানিব পৰা মতে সৰহ সংখ্যক যাত্ৰী শিক্ষাৰ্থী থকা বাছখনৰ যাত্ৰীৰ সংখ্যা সম্পৰ্কে প্ৰকৃত তথ্য এতিয়াও প্ৰকাশ পোৱা নাই ৷ 60 জনতকৈ অধিক যাত্ৰী থকা বুলি অনুমান কৰা বাছখন বিয়লি প্ৰায় 4 বাজি 10 মিনিটত দুৰ্ঘটনাগ্ৰস্ত হয় ৷ প্ৰশাসনে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷ গুৰুতৰভাৱে আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

তথ্য অনুসৰি আহত সকল তথা মৃতকৰ পৰিয়ালক প্ৰাথমিক সাহাৰ্যৰ বাবে 50000 টকা ঘটনালস্থলীতে প্ৰদান কৰা হয় ৷ আনহাতে চিনাক্ত নোহোৱা মৃতকৰ পৰিয়াললৈ মৃতদেহ চিনাক্তকৰণৰ পাচত এই সাহাৰ্য প্ৰদান কৰা হ'ব ৷

Last Updated : Jun 20, 2019, 11:42 PM IST

ABOUT THE AUTHOR

...view details