নেশ্যনেল ডেস্ক, 2 ফেব্ৰুৱাৰী : জয়পুৰত তিনিজন লোকৰ দেহত কৰ'ণাভাইৰাছ বিয়পাৰ সন্দেহত এছ এম এছ চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷ শনিবাৰে তিনিজন লোকক হাস্পতালত ভৰ্তি কৰোৱাৰ লগতে তেওঁলোকৰ তেজ পৰীক্ষা কৰা হয় আৰু দেওবাৰে বিয়লি পৰ্যন্ত তেজ পৰীক্ষাৰ প্ৰতিবেদন প্ৰদান কৰিব ৷
উল্লেখ্য যে, য়ুহানৰ পৰা ভাৰতীয় বিমানেৰে 300 লোকক ভাৰতলৈ অনা হৈছে আৰু তেওঁলোকক অলৱাৰৰ এছিক মেডিকেল কলেজত নিৰীক্ষণত ৰখা হ'ব ৷ শনিবাৰে বিয়লি ভাগত 300 লোকৰ একাংশ আহি অলৱাৰত উপস্থিত হ'ব ৷ এই সম্পৰ্কে সকলো ব্যৱস্থাপনাৰ দায়িত্ব গ্ৰহণ কৰা ৰবি শৰ্মা নামৰ এজন স্বাস্থ্য বিষয়াই জানিবলৈ দিয়া অনুসৰি, 300 লোকৰ বাবে বিচনা সাজু কৰি ৰখাৰ লগতে তেওঁলোকৰ চোৱা-চিতাৰ বাবে কৰ্মচাৰী নিযুক্ত কৰা হৈছে ৷