নিউজ ডেস্ক, 2 এপ্ৰিলঃ নিজামুদ্দিনত অনুষ্ঠিত হোৱা টবলিঘি জামাতত অংশগ্ৰহণ কৰা তেলেংগানাৰ তিনিগৰাকী লোক কৰ‘ণাৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৷ ইয়াৰ লগতে আন 30গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে দক্ষিণ ভাৰতৰ ৰাজ্যখনত ৷ ইতিমধ্যে ৰাজ্যখনত কৰ‘ণাত আক্ৰান্ত হৈ 9গৰাকী লোক মৃত্যুমুখত পৰিছে ৷ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কাৰ্যালয়ে এই কথা প্ৰকাশ কৰিছে ৷ পোহৰলৈ অহা ঘটনাসমূহ বিগত মাহত দিল্লীৰ নিজামুদ্দিনত অনুষ্ঠিত হোৱা ধৰ্মীয় অনুষ্ঠান টবলিঘি জামাতত অংশগ্ৰহণ কৰাৰ তথ্য পোৱাৰ কথাও প্ৰকাশ পাইছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা সদৰী কথা প্ৰেছ বিজ্ঞপ্তিটোত ৷ ইয়াৰ পূৰ্বে মৃত্যুক সাৱতি লোৱা 6গৰাকী লোকেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৷
নিজামুদ্দিন ধৰ্মীয় সভা - তেলেংগানাত 30 গৰাকী নতুন ৰোগী, 3জনৰ মৃত্যু - নিজামুদ্দিন ধৰ্মীয় সভা
টবলিঘি জামাতত অংশগ্ৰহণ কৰা 30গৰাকী লোক কৰ‘ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে 3গৰাকীৰ মৃত্যু ঘটে ৷ তেলেংগানত বুধবাৰে পোহৰলৈ আহে এই ঘটনা ৷
ইতিমধ্যে ৰাজ্যখনৰ পৌৰ-প্ৰশাসন আৰু নগৰ উন্নয়ন বিভাগৰ দ্বাৰা জাৰী কৰা নিৰ্দেশ অনুসৰি, মৃতদেহসমূহ নষ্ট কৰিবলৈ ৰাজ্যখনত আঠজনীয়া এখন কমিটী গঠন কৰি দিয়া হৈছে ৷ কমিটীখনত মুখ্য সচিব সমেশ কুমাৰ, আৰক্ষী সঞ্চালকপ্ৰধান, বিশেষ মুখ্য সচিব, গান্ধী মেডিকেল কলেজৰ চিকিৎসক, ওছমানিয়া মেডিকেল কলেজৰ চিকিৎসক আৰু স্বাস্থ্য, চিকিৎসা আৰু পৰিয়াল উন্নয়নৰ বাকীসকল বিষয়াক অনুৰ্ভূক্ত কৰা হৈছে ৷ মৃতদেহসমূহ নষ্ট কৰা প্ৰক্ৰিয়াটো বৃহৎ হায়দৰাবাদ পৌৰ নিগমৰ আঞ্চলিক আয়ুক্ত এন. ৰবি কিৰণৰ নেতৃত্বত সম্পন্ন কৰা হ‘ব ৷