নিউজ ডেস্ক, 5 অক্টোবৰঃ দ্বিতীয় ভাৰত-চীন সন্মিলন অহা 11 আৰু 13 অক্টোবৰত মহাবল্লীপূৰমত অনুষ্ঠিত হ'ব ৷ এই পৰ্যন্ত দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কৰ মাজত থকা অসহযোগিতা আৰু অসুচলতাৰ বিপৰীতে গতিশীলতা প্ৰদানৰ বাবে কোনো এখন দেশকেই আগবাঢ়ি অহা পৰিলক্ষিত হোৱা নাই ৷ সঁচা অৰ্থত এইক্ষেত্ৰত কাশ্মীৰ ইছ্যুৰ ক্ষেত্ৰত চীনৰ ভূমিকা আৰু স্থিতিয়ে ভাৰতক এখোজ পিছুৱাই অহাহে দেখা গৈছে ৷ উল্লেখযোগ্য যে, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ সুব্ৰমণিয়ম জয়শংকৰে 11 ৰ পৰা 13 আগষ্টৰ ভিতৰত কৰা বেইজিং ভ্ৰমণকালত এইবুলি কৈ দেশখনক আশ্বস্ত কৰিছিল যে, 5 আগষ্টত ভাৰতীয় সংসদৰ দ্বাৰা সাংবিধানিক আৰু শাসন সংক্ৰান্তীয় ব্যৱস্থাহে জম্মু-কাশ্মীৰত বলবৎ কৰা হৈছে ৷ তেওঁ কৈছিল- ‘‘আমি অঞ্চলটোত সু-শাসন ব্যৱস্থা আৰু আৰ্থ-সামাজিক উন্নয়নৰ দিশটোত গুৰুত্ব প্ৰদানৰ বাবেই এই সিদ্ধান্ত লৈছো ৷’’ ইয়াত ভাৰতৰ আন কোনো বহিঃসীমাৰ সৈতে অথবা চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত কোনো নতুন গতি-বিধিৰ উদ্দেশ্য ভাৰতৰ নাই ৷ ভাৰতে আন কোনো নতুন ভূ-খণ্ড দাবী কৰা নাই ৷" ইয়াৰ পূৰ্বে ভাৰত-চীনৰ মাজত প্ৰথমখন অনানুষ্ঠানিক সন্মিলন 2018 চনৰ এপ্ৰিল মাহত ৱহানত অনুষ্ঠিত হৈছিল ৷ চীনৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী মোডীৰ মাজত 6 বাৰকৈ দ্বি-পাক্ষিক আলোচনাত মিলিত হৈছিল ৷ এই বৈঠকত দ্বি-পাক্ষিক বিভিন্ন বিষয় আৰু গোলকীয় প্ৰয়োজনীয়তাৱ আদি বিষয়সমূহে স্থান লাভ কৰে ৷ সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰা এই অনুষ্ঠানটিত চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাই কৈছিল, "চীন আৰু ভাৰত দুয়ো গোলকীয় উন্নয়নৰ বাবে এক গুৰুত্বপূৰ্ণ চালিকাশক্তি আৰু বহুমেৰুযুক্ত বিশ্ব তথা গোলকীয় বিশ্বৰ বাবে এক কেন্দ্ৰীয় স্তম্ভ ৷ সমগ্ৰ পৃথিৱীতেই শান্তি আৰু ভাৰসাম্যতা বৰ্তাই ৰাখিবৰ বাবে এটা সুষম চীন-ভাৰত সম্পৰ্ক এক গুৰুত্বপূৰ্ণ ইতিবাচক মাপকাঠী ৷ সন্মিলনৰ শেষত গৃহীত যুটীয়া প্ৰতিশ্ৰুতি অনুসৰি দুই দেশৰ নেতৃবৃন্দই "বিকাশৰ ক্ষেত্ৰত থকা অংশীদাৰিত্ব অধিক মজবুত কৰা "৷ বিবাদসমূহ শান্তিপূৰ্ণ মীমাংসাৰ যোগেদি সমাধা কৰা ৷ "দুযোখন দেশে পৰস্পৰে পৰস্পৰৰ গুৰুত্ব উপলব্ধি কৰি স্পৰ্শকাতৰ, জৰুৰী আৰু আকাঙ্খাবোৰক সন্মান প্ৰদৰ্শন কৰা" ৷ "সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেলগে সহযোগিতা আগবঢ়োৱা ৷" ৱহান যুটীয়া সন্মিলনত অংশগ্ৰহণকাৰী প্ৰাক্তন বৈদেশিক সচিব শ্যাম চৰণে কৈছিল," কিছু অকথিত উপলব্ধিৰে বুজা গৈছে যদিও তেওঁলোকে ৰাজহুৱাভাৱে ইয়াক ব্যক্ত কৰা নাই ৷ কিছু সূত্ৰৰ পৰা বুজা গৈছে যে চীনে ভাৰতৰ সীমান্তত আৰু ভাৰত মহাসাগৰীয় ক্ষেত্ৰত নিজৰ গতি-বিধি অব্যাহত ৰাখিছে কিন্তু ভাৰতৰ ক্ষেত্ৰত এনেধৰণৰ স্পৰ্শকাতৰ অৱস্থাৰ সূচনা পূৰ্বতে হোৱা নাছিল ৷ ইফালে চীনৰ এনেধৰণৰ সমান্তৰাল আচৰণে ইয়াক অধিক ঘনীভূত কৰিছে ৷ বৰঞ্চ 2019 চনৰ 14 ফেব্ৰুৱাৰীত সংঘটিত পুলৱামা সন্ত্ৰাস আক্ৰমণত 40 জনকৈ ভাৰতীয় জোৱান নিহত হোৱা ঘটনাই বিশ্বব্যাপী চৰ্চা লাভ কৰাৰ সত্বেও জৈছ ই মহম্মদৰ সন্ত্ৰাসবাদী মাছুদ আজহাৰক গোলকীয় সন্ত্ৰাসবাদী হিচাবে স্বীকৃতি দিয়াত চীনে নিজৰ স্থিতি সলনি কৰাত অসন্মতি ব্যক্ত কৰিছিল ৷
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত যেতিয়া বেইজিং মহলে নিজকে একবাৰে একাষৰীয়া যেন উপলব্ধি কৰিলে তেতিয়া অনিচ্ছা সত্বেও মে’ 2019 ত মাছুদ আজহাৰৰ বিপক্ষে প্ৰস্তাৱ ল'বলৈ বাধ্য হয় ৷ যিয়েই দুই দশক ধৰি পাকিস্তান আৰু আজহাৰক ৰক্ষণাবেক্ষণ দি আহিছিল ৷ তাৰোপৰি ৱহান সন্মিলনত "ভাৰত-চীন যুগ্ম" সহযোগিতা কাৰ্যসূচীত সন্মতিৰ অনুমোদন জনোৱা হয় ৷ যাৰ জৰিয়তে আফগানিস্তানত যৌথ উন্নয়ন প্ৰকল্পৰ বিষয় প্ৰথম স্থানত আৰোপ কৰা হয় ৷ অৱশ্যে পাকিস্তানৰ অসন্তুষ্টিৰ বাবে চীনে এই কাৰ্যসূচীত ভাগ লোৱাৰ পৰা বাৰণ কৰে ৷ পৰৱৰ্তী পৰ্যায়ত আফগান কূটনীতিবীদসকলৰ বাবে আহ্বান কৰা ভাৰত-চীন প্ৰশিক্ষণ কাৰ্যসূচী 2018 চনৰ 15 আৰু 16 অক্টোবৰত ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ বৈদেশিক সেৱা প্ৰতিষ্ঠানত অনুষ্ঠিত হৈছিল ৷ ভাৰতৰ বিৰুদ্ধে অৱস্থান গ্ৰহণত পাকিস্তানৰ হৈ চীন এক উল্লেখযোগ্য শক্তি হিচাবে ভুমুকি মৰা দেখা গৈছে ৷ তাৰ দৃষ্টান্ত ইতিমধ্যেই ৰাষ্ট্ৰসংঘত আৰু জেনেভাত অনুষ্ঠিত মানৱ অধিকাৰ পৰিষদতও পৰিলক্ষিত হৈছে ৷ 27 ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদক সম্বোধন কৰি চীনৰ ৰাজ্যিক সভাসদ আৰু বিদেশ মন্ত্ৰী ৱাং ইয়ে কৈছিল, "কাশ্মীৰ ইছ্যুটো এটা দীৰ্ঘদিন ধৰি বিবদমান আৰু ইয়াক শান্তিপূৰ্ণভাৱে আৰু সঠিকভাৱে ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনা, নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ আৰু দ্বি-পাক্ষিক চুক্তি অনুসৰি উপস্থাপন কৰিব লাগে ৷ কোনো পক্ষকেই একপক্ষীয়ভাৱে কোনো সিদ্ধান্ত লোৱাত বাৰণ কৰিব লাগে ৷" ভাৰতেও ইয়াৰ প্ৰত্যুত্তৰ দি পাক অধিকৃত কাশ্মীৰত চীনক অবৈধ আৰু তথাকথিত চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰৰ কাম-কাজ বন্ধ কৰাৰে পৰামৰ্শ দিয়ে ৷ ভাৰতে নিজৰ উদ্বিগ্নতা ব্যক্ত কৰিবলৈ সীমা সংক্ৰান্তত হ'বলগীয়া নিৰ্ধাৰিত 22 সংখ্যক প্ৰৱীণ প্ৰতিনিধিৰ বৈঠকও স্থগিত কৰিছিল ৷ ছেপ্টেম্বৰৰ আগত দুয়োখন দেশৰ প্ৰতিনিধি মণ্ডল দ্বিতীয় আই আই চিএচ সন্মিলনত মিলিত হৈছিল ৷ আনহাতে বৈদেশিক মন্ত্ৰালয়ৰ পূৰ্বাঞ্চলৰ সচিবপ্ৰধান গৰাকী চীন প্ৰজাতন্ত্ৰৰ 70 সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানত চীন ৰাষ্ট্ৰদূত সন্মিলনত ভাৰতৰ কোনো কেবিনেট মন্ত্ৰীৰ পৰিৱৰ্তে উপস্থিত থাকে ৷ ইয়াৰোপৰি নৰ্ডান আৰ্মি মুখ্যালয়ৰ লেফটেনেণ্ট জেনেৰেল ৰণবীৰ সিঙৰ প্ৰস্তাৱিত ভ্ৰমণসূচীও বাতিল ঘোষণা কৰা হয় ৷ এই বাতিল ঘোষণা এইবাবে কৰা হোৱা নাছিল যে ভাৰত, জাপান আৰু আমেৰিকাৰ ত্ৰি-পাক্ষিক বুজাবুজি সন্মিলনলৈ সলনি হ'ল আৰু আমেৰিকা, অষ্ট্ৰেলিয়া, জাপান আৰু ভাৰতৰ মাজত বৈদেশিক মন্ত্ৰী পৰ্যায়ত আলোচনা চলিছিল ৷ চীনে এই কথাত মন কৰা দৰকাৰ যে, এনেধৰনৰ সন্মিলনে কিবা ফলপ্ৰসু প্ৰাপ্ত হয় নে কেৱল আশা আৰু উন্মাদনাৰ বাবেই এনেধৰণৰ সন্মিলন ৷ বাস্তৱত এইটো অনস্বীকাৰ্য যে, চীনে উত্থানৰ পৰা আজিলৈকে ভাৰতৰ ক্ষেত্ৰত তেনে কোনো বুজাপৰা তথা সহমৰমিতা প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই ৷