অসম

assam

ETV Bharat / bharat

পশ্চিমবংগত লক ডাউনৰ নিয়ম উলংঘা কৰা প্ৰায় ২৮,০০০ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু - 28,000 people booked in West Bengal since March-end for violating lockdown norms: Chief Secretary

পশ্চিমবংগত প্ৰায় ২৮,০০ লোকৰ বিৰুদ্ধে লক ডাউনৰ নিয়ম অমান্য কৰা,মাস্ক পৰিধান নকৰাকৈ বাহিৰলৈ অহা আৰু ৰাজহুৱা স্থানত থু পেৱোলাৰ দোষত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত গোচৰ ৰুজু হৈছে ।

২৮,০০০ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু
২৮,০০০ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু

By

Published : Apr 22, 2020, 12:00 PM IST

নেশ্যনেল ডেস্ক, ২২ এপ্ৰিলঃ মঙলবাৰে মুখ্য সচিব ৰাজীৱ সিনহাই কয় যে,মাৰ্চৰ শেষত পশ্চিম বংগৰ ভিন্ন প্ৰান্তত প্ৰায় ২৮,০০০ লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু হৈছে । লগতে তেওঁ কয়, ৩০০০ বাহনেও এই সময়চোৱাত সুৰক্ষা সম্পৰ্কীয় প্ৰতিবন্ধকতা অমান্য কৰা দেখিবলৈ পোৱা গৈছে ।

আনপিনে মঙলবাৰে কলকাতা আৰক্ষীয়ে চহৰখনত লক ডাউনৰ নিয়ম উলংঘা কৰা,মাস্ক পৰিধান নকৰাকৈ বহিৰলৈ উলাই অহা আৰু ৰাজহুৱা স্থানত থু পেলোৱাৰ দোষত ৮৩৯ গৰাকী লোকক গ্ৰেপ্তাৰ কৰে । ইয়াৰ ভিতৰত ৬১৬ গৰাকী লোকৰ বিৰুদ্ধে লক ডাউনৰ নিয়ম অমান্য কৰা,১৯৮ গৰাকী লোকৰ বিৰুদ্ধে মাস্ক পৰিধান নকৰা আৰু ২৫ গৰাকী লোকৰ বিৰুদ্ধে ৰাজহুৱা স্থানত থু পেলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

উল্লেখ্য যে,আৰক্ষীয়ে বেৰিকেড নিৰীক্ষণ আৰু চহৰখনত লক ডাউনৰ সময়চোৱাত টহল দিয়াৰ সময়ত এই লোক কেইজনক গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়কঃখাদ্যৰ লালসাঃ বিষাক্ত ৰজা ফেঁটী হত্যা অৰুণাচলত

ABOUT THE AUTHOR

...view details