অসম

assam

ETV Bharat / bharat

পুনৰ আগ্ৰালৈ স্থানান্তৰ কৰা হ'ব জম্মু-কাশ্মীৰৰ কয়দী - কয়দী

সোমবাৰে নিশা নেনী কেন্দ্ৰীয় কাৰাগাৰ আৰু আম্বেদকাৰ নগৰ জেলৰ পৰা জম্মু-কাশ্মীৰৰ ১২ গৰাকী কয়দী স্থানান্তৰ কৰা হ'ব আগ্ৰা কেন্দ্ৰীয় কাৰাগাৰলৈ । ইয়াৰ লগে লগে আগ্ৰাত বন্দী জম্মু-কাশ্মীৰৰ কয়দীৰ সংখ্য়া হ'ব ২৫ গৰাকী ।

পুনৰ আগ্ৰালৈ স্থানান্তৰ কৰা হ'ব জম্মু-কাশ্মীৰৰ ১২ গৰাকী কয়দীক
পুনৰ আগ্ৰালৈ স্থানান্তৰ কৰা হ'ব জম্মু-কাশ্মীৰৰ ১২ গৰাকী কয়দীক

By

Published : Jan 20, 2021, 6:21 PM IST

নিউজ ডেস্ক , ২০ জানুৱাৰী :জম্মু আৰু কাশ্মীৰত ৩৭০ নং অনুচ্ছেদ আৰু ৩৫-এ প্ৰত্য়াহাৰ কৰাৰ পিছতে গৃহ মন্ত্ৰালয়ে ৰাজ্য়খনৰ আইন ব্য়ৱস্থা আৰু দেশৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য় ৰাখি সকলো বিচ্ছিন্নতাবাদীক বিভিন্ন ৰাজ্য়ৰ জেললৈ প্ৰেৰণ কৰা হৈছে । জম্মু-কাশ্মীৰৰ ৮৫ গৰাকী বিচ্ছিন্নতাবাদীক উত্তৰ প্ৰদেশলৈ বিমানযোগে লৈ গৈ আগ্ৰা কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছিল আৰু নাগৰিক সুৰক্ষা আইনৰ অধীনত তদন্ত চলোৱা হৈছিল । ইয়াৰ পিছতে জম্মু-কাশ্মীৰ চৰকাৰ আৰু গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত এতিয়ালৈ ৭৮ গৰাকী কয়দীক মুকলি কৰি দিয়া হয় । এতিয়াও ৮ গৰাকী কয়দী আগ্ৰা কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে । ইয়াৰ পিছতে পুনৰ সোমবাৰে নিশা জম্মু আৰু কাশ্মীৰৰ ১২ গৰাকী কয়দীক নেনী কেন্দ্ৰীয় কাৰাগাৰ আৰু আম্বেদকাৰ নগৰ জেলৰ পৰা আগ্ৰা কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হ'ব । এই সিদ্ধান্তৰ পিছতে আগ্ৰা কেন্দ্ৰীয় কাৰাগাৰৰ নিৰাপত্তা ব্য়ৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে । জম্মু আৰু কাশ্মীৰৰ পৰা যোৱা কয়দী সকলক সম্পূৰ্ণ সুৰক্ষা ব্য়ৱস্থাৰ মাজত ৰখা হ'ব ৷ ইয়াৰ লগতে চিচিটিভি কেমেৰাৰ নিৰীক্ষণত থাকিব এই সমূহ কয়দী।

আগ্ৰা কেন্দ্ৰীয় কাৰাগাৰৰ শীৰ্ষ বিষয়াৰ মতে যোৱা কেইদিনমানৰ ভিতৰত ১৭ গৰাকী কয়দী আগ্ৰা কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে । লগতে তেওঁ উল্লেখ কৰে যে সম্পূৰ্ণ সুৰক্ষা ব্য়ৱস্থা গঢ়ি তোলা হৈছে জেলৰ ভিতৰত । উচ্চ ক্ষমতাসম্পন্ন সুৰক্ষা ব্য়ৱস্থাৰ মাজত ৰখা হৈছে কয়দী কেইজনক । বিষয়া গৰাকীয়ে জনোৱা মতে পিএএছৰ অধীনত আৰু ৪ গৰাকী কয়দীক অতি শীঘ্ৰে আগ্ৰালৈ অনা হ'ব ।

লগতে পঢ়ক :হাওৰা কালকা মেইলক 'নেতাজী এক্সপ্ৰেছ' নামেৰে নামাকৰণ

ABOUT THE AUTHOR

...view details