অসম

assam

ETV Bharat / bharat

মুম্বাইৰ পৰা ৰাজস্থান যাবলৈ বাছ ভাড়া কৰিলে শ্ৰমিকে - কোভিড-১৯ মহামাৰী

দেশব্যাপী চলি থকা লকডাউনৰ মাজতে আৱদ্ধ হৈ পৰা ২৫গৰাকী শ্ৰমিকে এখন বাছ ভাড়া কৰি ৰাজস্থানলৈ যাত্ৰা আৰম্ভ কৰে । মুম্বাইৰ পৰা ৰাজস্থানলৈ যাবলগীয়া শ্ৰমিকসকলক উপযুক্ত নথি প্ৰদান কৰাৰ পিচত আৰক্ষীয়ে অনুমতি প্ৰদান কৰে ।

মুম্বাইৰ পৰা ৰাজস্থান যাবলৈ বাছ ভাড়া কৰিলে শ্ৰমিকে
মুম্বাইৰ পৰা ৰাজস্থান যাবলৈ বাছ ভাড়া কৰিলে শ্ৰমিকে

By

Published : May 4, 2020, 3:47 PM IST

নিউজ ডেস্ক, ৪ মে' :লকডাউনৰ ফলত মুম্বাইত আৱদ্ধ হৈ পৰা ৰাজস্থানৰ ২৫ গৰাকী শ্ৰমিকে বাছ ভাড়া কৰি নিজ ৰাজ্যলৈ উভটি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । আটাইকেইগৰাকী শ্ৰমিকে আৰক্ষী তথা স্বাস্থ্য বিভাগক উপযুক্ত নথি প্ৰদান কৰাৰ পিচতে প্ৰশাসনে এইক্ষেত্ৰত তেওঁলোকক অনুমতি প্ৰদান কৰে ।

দক্ষিণ মুম্বাইৰ মেটেল মাৰ্কেট, ডাৱা মাৰ্কেট আৰু অন্যান্য অঞ্চলবোৰত কৰ্মৰত এইসকল শ্ৰমিকে দেওবাৰে সন্ধিয়াৰ ভাগত নিজৰ যাত্ৰা আৰম্ভ কৰে । মুম্বাইৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই এই কতা প্ৰকাশ কৰিছে । মুম্বাইৰ এমআৰএ মাৰ্গ আৰক্ষী চকীয়ে শ্ৰমিকসকলক অনুমতি প্ৰদান কৰে । দীৰ্ঘদিন ধৰি লকডাউনৰ ফলত মুম্বাইত আৱদ্ধ হৈ থকা লোককেইজনে নিজ নিজ গৃহলৈ যাবলৈ পাই আৰক্ষী তথা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে ।

সহকাৰী আৰক্ষী আয়ুক্ত সংগ্ৰামসিন নিশানদাৰে প্ৰকাশ কৰা অনুসৰি, মুম্বাই চত্ৰপতি শিৱাজী টাৰ্মিনাছৰ পৰা শ্ৰমিকসকলৰ বাছখনে যাত্ৰা আৰম্ভ কৰে । যাত্ৰাৰ পূৰ্বেই বাছখন ছেনিটাইজ কৰাৰ লগতে আটাইকেইগৰাকী শ্ৰমিকৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয় ।

লগতে পঢ়কঃলক্ ডাউনৰ মাজতে চাৰি যুৱক-যুৱতীয়ে উলিয়ালে উপাৰ্জনৰ বিকল্প পথ

ABOUT THE AUTHOR

...view details