অসম

assam

ETV Bharat / bharat

দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ মিজোৰামৰ ২,৩৯১ নাগৰিক - আবদ্ধ

মিজোৰাম ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি,দেশৰ বিভিন্ন প্ৰান্ত আবদ্ধ হৈ আছে ৰাজ্যখনৰ প্ৰায় ২,৩৯১গৰাকী নাগৰিক । ইয়াৰ উপৰিও বিদেশত আবদ্ধ হৈ আছে ৰাজ্যখনৰ ১৮৫ গৰাকী নাগৰিক । কোভিড-১৯ মহামাৰীৰ ফলত বিশ্বব্যাপী ঘোষণা কৰা লক ডাউনৰ মাজত এইদৰে আবদ্ধ হৈ পৰিছে মিজোৰামৰ এইসকল নাগৰিক ।

দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ মিজোৰামৰ ২,৩৯১ নাগৰিক
দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ মিজোৰামৰ ২,৩৯১ নাগৰিক

By

Published : Apr 18, 2020, 12:52 PM IST

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃসমগ্ৰ দেশত চলি থকা লক ডাউনৰ মাজতে দেশৰ বিভিন্ন প্ৰান্ত আবদ্ধ হৈ আছে মিজোৰামৰ প্ৰায় ২,৩৯১ গৰাকী নাগৰিক । মিজোৰাম ৰাজ্য প্ৰশাসনে ঘোষণা কৰিছে এই তথ্য । ইয়াৰ উপৰিও দেশৰ বাহিৰত ৰাজ্যখনৰ প্ৰায় ১৮৫ গৰাকী নাগৰিক আবদ্ধ হৈ আছে বুলি চৰকাৰী অধিসূচনাটোত ঘোষণা কৰা হৈছে । কোভিড-১৯ মহামাৰীৰ ফলত সমগ্ৰ বিশ্বতে চলি থকা লক ডাউনৰ ফলতে এইসকল মিজো নাগৰিক এতিয়া এইদৰে আবদ্ধ হৈ আছে বুলি কোৱা হৈছে ।

চৰকাৰে নিয়োগ কৰা টাক্স ফৰ্চে জাৰী কৰিছে এই অধিসূচনা । সেই অনুসৰি, আবদ্ধ হৈ পৰা নাগৰিকসকলৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা চলাই আছে মিজোৰাম চৰকাৰে । অৱশ্যে এই পৰিসংখ্য়া আৰু বৃদ্ধি পাব পাৰে কিয়নো এতিয়াও বহুতো ৰাজ্যৰ পৰা মিজো নাগৰিকৰ তথ্য আহিবলৈ বাকী আছে । মিজোৰাম চৰকাৰে দেশৰ বিভিন্ন ৰাজ্যসমূহৰ চৰকাৰৰ সৈতে এই লোকসকলৰ সন্দৰ্ভত যোগাযোগ অব্যাহত ৰাখি তেওঁলোকৰ নিৰাপত্তা তথা সুৰক্ষা আৰু চিকিৎসাৰ লগতে অন্য়ান্য দিশসমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছে ।

আনহাতে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২,৮৩৯ গৰাকী লোক মিজোৰামত আবদ্ধ হৈ আছে বুলি অধিসূচনাটোত প্ৰকাশ কৰা হৈছে । মিজোৰাম চৰকাৰে এইসকল লোকৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে । মিজোৰামত আবদ্ধ হৈ পৰা লোকসকলৰ ভিতৰত ৪৭ গৰাকী বিদেশী নাগৰিকো আছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত তথা দেশৰ বাহিৰত আৱদ্ধ হৈ পৰা মিজোৰামৰ নাগৰিকসকলৰ বাবে ৰাজ্যিক চৰকাৰেtankhang.mizoram.gov.in নামে এটা ৱেবচাইট মুকলি কৰিছে ।

লগতে পঢ়কঃগুহাৰ ভিতৰত লুকাই থকা অৱস্থাত তামিলনাডুত উদ্ধাৰ চীনা নাগৰিক

ABOUT THE AUTHOR

...view details