নেশ্যনেল ডেস্ক, 30 জানুৱাৰীঃ ভাৰতৰ বিভিন্ন বিমান বন্দৰৰ যাত্ৰীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৷ চীনত সংহাৰী ৰূপ লোৱা মাৰাত্মক কৰ’ণা ভাইৰাছকলৈ সতৰ্কতা ভাৰতৰ21টাবিমান বন্দৰত ৷ সকলো যাত্ৰীৰে তন্ন-তন্ন কৈ স্বাস্থ্য পৰীক্ষা ৷ ইয়াৰে ভিতৰত আছে চীনৰ 132 গৰাকী যাত্ৰী ৷ বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰাণালয়ৰ বৈঠকৰ পাচতেই 21 টা বিমান বন্দৰত সচেতনা বৃদ্ধি কৰা হৈছে ৷
এই 21 টা বিমান বন্দৰৰ ভিতৰত আছে-দিল্লী (Delhi), হায়দৰাবাদ (Hyderabad), মুম্বাই (Mumbai), গুৱাহাটী (Guwahati), ক’চী (Kochi), বাংগালুৰু (Bengaluru), আহমেদাবাদ (Ahmedabad), অমৃতসৰ (Amritsar), কলকাতা( Kolkata), কৌয়েমবটুৰ (Coimbatore), গয়া (Gaya), বাগডগৰা (Bagdogra), জয়পুৰ (Jaipur), লক্ষ্নৌ (Lucknow), চেন্নাই (Chennai), তিৰুৱন্তপুৰুম (Thiruvananthapuram), তিৰুচিৰাপল্লী (Tiruchirapalli), বাৰাণসী (Varanasi), বিশাখাপট্টনম (Visakhapatnam), ভূৱনেশ্বৰ (Bhubaneswar)আৰুগোৱা (Goa) ৷