অসম

assam

ETV Bharat / bharat

কেৰালাত ৫ জন কৰ'ণা ৰোগীৰ সংস্পৰ্শলৈ অহা ২০ হাজাৰ লোকৰ তালিকা প্ৰস্তুত - পৰীক্ষণ সম্পন্ন

তিৰুবন্তমপুৰৰ মালাপ্পুৰ জিলাৰ তিনি গৰাকী নাৰ্চ সহ দুজন চিকিৎসকৰ দেহত কোভিড-১৯ পজিটিভ চিনাক্ত কৰিছে । ইতিমধ্যে স্বাস্থ বিভাগে ব্যক্তি কেইজনৰ সংস্পৰ্শলৈ অহা ২ হাজাৰ লোকক চিনাক্ত কৰিছে । দুয়ো গৰাকীৰ সৈতে প্ৰত্যক্ষভাবে সংস্পৰ্শলৈ অহা ১০ হাজাৰ লোকৰ লগতে ১৬০ জন অভিভাৱকৰ তালিকা প্ৰস্তুত কৰা হৈছে । বৰ্তমানলৈ ৫,৫০০ ব্যক্তিক চিনাক্ত কৰি নিজ গৃহতে আছুতীয়াকৈ থকাৰ নিৰ্দেশ প্ৰদান কৰিছে বিভাগে ।

20k-contacts-in-list-of-5-covid-positive-in-kerala
20k-contacts-in-list-of-5-covid-positive-in-kerala

By

Published : Jun 29, 2020, 3:45 PM IST

নিউজ ডেস্ক, ২৯ জুন :তিৰুবন্তমপুৰৰ মালাপ্পুৰ জিলাৰ তিনি গৰাকী নাৰ্চ সহ দুজন চিকিৎসকৰ দেহত কোভিড-১৯ পজিটিভ চিনাক্ত কৰিছে । ইতিমধ্যে স্বাস্থ্য বিভাগে ব্যক্তি কেইজনৰ সংস্পৰ্শলৈ অহা ২০ হাজাৰ লোকক চিনাক্ত কৰিছে । দেওবাৰে পজিটিভ ধৰা পৰা চিকিৎসক দুগৰাকীৰ এজন হৈছে শিশু ৰোগ বিশেষজ্ঞ আৰু আন এজন হৈছে সাধাৰণ চিকিৎসক । যি দুগৰাকী ইতিমধ্যে বহুতো ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল । স্বাস্থ্য বিভাগে ২০ হাজাৰ লোকৰ ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে ।

জানিব পৰা মতে, দুয়ো গৰাকীৰ সৈতে প্ৰত্যক্ষভাবে সংস্পৰ্শলৈ অহা ১০ হাজাৰ লোকৰ লগতে ১৬০ জন অভিভাৱকৰ তালিকা প্ৰস্তুত কৰা হৈছে । বৰ্তমানলৈ ৫,৫০০ ব্যক্তিক চিনাক্ত কৰি নিজ গৃহতে আছুতীয়াকৈ থকাৰ নিৰ্দেশ প্ৰদান কৰিছে বিভাগে ।

উক্ত ঘটনাৰ পিচতে সোমবাৰে স্বাস্থ্য বিভাগৰ বিষয়া সকলৰ সৈতে হোৱা এক বৈঠকত ৰাজ্যখনৰ উচ্চ শিক্ষামন্ত্ৰী কে টি জলীলে প্ৰায় ১৫০০ লোকক পৰীক্ষণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে লগতে প্ৰয়োজন সাপক্ষে আৰু অধিক লোকক পৰীক্ষণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

উল্লেখযোগ্য যে, বৰ্তমানলৈ জিলাখনত ২২৪ জন লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ।

ABOUT THE AUTHOR

...view details