নিউজ ডেস্ক, ১৮ জুন : শ্ৰীলংকাৰ প্ৰাক্তন খেলমন্ত্ৰী মাহিন্দানন্দ আলুথগামেজে বৃহস্পতিবাৰে পুনৰ ক্ৰিকেটৰ বিতৰ্কিত ফিক্সিং মেচ সম্পৰ্কত মন্তব্য আগবঢ়ায় । তেওঁ আৰু জনাই যে, ২০১১ চনত শ্ৰীলংকাই বিশ্বকাপৰ চূড়ান্ত খেলখন ভাৰতৰ লগত খেলে ।
২০১১ চনৰ বিশ্ব কাপৰ চূড়ান্ত খেলখন ফিক্সিং আছিলঃ প্ৰাক্তন খেলমন্ত্ৰী - মেচ ফিক্সিং
শ্ৰীলংকাৰ প্ৰাক্তন খেলমন্ত্ৰী মাহিন্দানন্দ আলুথগামেজে বৃহস্পতিবাৰে পুনৰ ক্ৰিকেটৰ বিতৰ্কিত ফিক্সিং মেচ সম্পৰ্কত মন্তব্য আগবঢ়ায় । খেলমন্ত্ৰী গৰাকীয়ে শ্ৰীলংকাৰ এটা সংবাদ মাধ্যমৰ আগত জনাই যে, ২০১১ বিশ্ব কাপৰ চূড়ান্ত খেলখন বিক্ৰী কৰা হৈছিল ।
খেলমন্ত্ৰী গৰাকীয়ে শ্ৰীলংকাৰ এটা সংবাদ মাধ্যমৰ আগত জনাই যে, ২০১১ বিশ্ব কাপৰ চূড়ান্ত খেলখন বিক্ৰী কৰা হৈছিল। মাহিন্দানন্দ ২০১০ চনৰ পৰা ২০১৫ চনলৈ শ্ৰীলংকাৰ খেলমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেখেতে আকৌ জনাই যে,সেই সময়ৰ কূটনীতিৰ কথা বৰ্তমান মনত পেলোৱাটো উচিত নহ'ব ।
তেখেতৰ মতে, ২০১১ চনত আমি বিশ্ব কাপ বিজয়ী হোৱাৰ পথত আছিলো কিন্তু আমি খেলখন বিক্ৰী কৰি দিছিলো । উক্ত খেলখনত শ্ৰীলংকাই ভাৰতৰ হাতত পৰাজয় বৰণ কৰিছিল । উল্লেখযোগ্য যে, মেচ ফিক্সিংৰ ক্ষেত্ৰত পূৰ্বতেও শ্ৰীলংকালৈ বহুতবাৰ প্ৰশ্নৰ উখাপন হৈছে ।