নিউজ ডেস্ক, 22 এপ্ৰিলঃউত্তৰ প্ৰদেশৰ চম্বল জিলাত আৰক্ষীয়ে অবৈধভাৱে সুৰা বিতৰণ কৰাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰে ৷ অভিযোগ অনুসৰি আটকাধীন লোক কেইজনে চম্বল লোকসভা সমষ্টিৰ প্ৰগতিশীল সমাজবাদী দলৰ প্ৰাৰ্থী কৰণ সিং যাদৱৰ হৈ সুৰা বিতৰণ কৰি আছিল ৷
লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী হৈ সুৰা বিতৰণ কৰাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ
অভিযোগ অনুসৰি আটকাধীন লোক কেইজনে চম্ভল লোকসভা সমষ্টিৰ প্ৰগতিশীল সমাজবাদী দলৰ প্ৰাৰ্থী কৰণ সিং যাদৱৰ হৈ সুৰা বিতৰণ কৰি আছিল ৷ আটকাধীন লোক কেইজনৰ পৰা আৰক্ষীয়ে 2 কাৰ্ট'ন সুৰা জব্দ কৰে ৷
লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী হৈ সুৰা বিতৰণ কৰাৰ অভিযোগত দুজন গ্ৰেপ্তাৰ
আৰক্ষীয়ে জনোৱা অনুসৰি এক গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে ম'ৰাদাবাদ ৰ'ডৰ পৰা অবৈধভাৱে সুৰা বিতৰণ কৰি থকা লোক দুজনক গ্ৰেপ্তাৰ কৰে ৷ আটকাধীন লোকদুজনৰ পৰা আৰক্ষীয়ে 2 কাৰ্ট'ন সুৰা জব্দ কৰে ৷ ইতিমধ্য আৰক্ষীয়ে প্ৰাৰ্থী কৰণ সিং যাদৱৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য যে আগন্তুক এপ্ৰিলৰ 23 তাৰিখে উত্তৰ প্ৰদেশত 10টা লোকসভা সমষ্টিত 2019 লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব ৷