অসম

assam

By

Published : Jun 22, 2020, 7:42 PM IST

ETV Bharat / bharat

এদিনত ১৮ হাজাৰ লোকৰ স্বাব পৰীক্ষা কৰিব পৰা যাবঃ কেজৰিৱাল

সোমবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনাই যে, চহৰত কোভিড-১৯ ৰ পৰীক্ষণ কেন্দ্ৰ তিনিগুন বৃদ্ধি কৰা হৈছে । এতিয়াৰ পৰা ৰাজধানী চহৰখনত প্ৰতিদিনেই ১৮০০০ হাজাৰ লোকক পৰীক্ষা কৰিব পৰা যাব । প্ৰথম অৱস্থাত কেৱল ৫ হাজাৰ লোকৰ স্বাব পৰীক্ষা কৰিব পৰা গৈছিল কিন্তু বৰ্তমান এই হাৰ তিনিগুন বৃদ্ধি কৰা হৈছে ।

18000-covid-19-tests-being-conducted-each-day-arvind-kejriwal
18000-covid-19-tests-being-conducted-each-day-arvind-kejriwal

নিউজ ডেস্ক, ২২ জুন : সোমবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনাই যে, চহৰখনত কোভিড-১৯ ৰ পৰীক্ষণ কেন্দ্ৰ তিনিগুন বৃদ্ধি কৰা হৈছে । এতিয়াৰ পৰা ৰাজধানী চহৰখনত প্ৰতিদিনেই ১৮০০০ হাজাৰ লোকক পৰীক্ষা কৰিব পৰা যাব ।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে জনাই যে, প্ৰথম অৱস্থাত কেৱল ৫ হাজাৰ লোকৰ স্বাব পৰীক্ষা কৰিব পৰা গৈছিল কিন্তু বৰ্তমান এই হাৰ তিনিগুন বৃদ্ধি কৰা হৈছে । এতিয়াৰ পৰা আৰু কোনো লোকে কোভিড-১৯ পৰীক্ষাৰ বাবে কষ্ট কৰিব নালাগে ।

এদিনত ১৮ হাজাৰ লোকৰ স্বাব পৰীক্ষা কৰিব পৰা যাবঃ কেজৰিবাল

তেওঁ আকৌ জনাই যে, নতুন দিল্লীত বৰ্তমান ২৫ হাজাৰ কোভিড-১৯ ৰোগী আছে । ৩৩ হাজাৰ ৰোগী কোভিড মুক্ত হৈছে আৰু ৬ হাজাৰ লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ১২ হাজাৰ লোক ঘৰত চিকিৎসাধীন হৈ আছে । বিগত সপ্তাহত ২৪ হাজাৰ ৰোগী আছিল মাত্ৰ এসপ্তাহৰ ব্যবধানত দিল্লীত ১ হাজাৰ নতুন ৰোগী সংযুক্ত হৈছে ।

এদিনত ১৮ হাজাৰ লোকৰ স্বাব পৰীক্ষা কৰিব পৰা যাবঃ কেজৰিৱাল

লগতে তেওঁ জনাই যে, কেন্দ্ৰৰ সহায়ৰ জৰিয়তে এই কাম কৰিবলৈ সক্ষম হৈছে । যাৰ জৰিয়তে মাত্ৰ ১৫ ৰ পৰা ২০ মিনিটৰ ব্যৱধানত এই পৰীক্ষা কৰিব পৰা যাব ।

লগতে পঢ়ক : সাৱধান : উত্তৰ কোৰিয়াৰ চাইবাৰ অপৰাধী গ্ৰুপৰ হাতত 20 লাখ ভাৰতীয়ৰ তথ্য

ABOUT THE AUTHOR

...view details