অসম

assam

ETV Bharat / bharat

ধূমপান কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ বাবে পুণেত যুৱকৰ আত্মহনন

পুণেৰ কাৰ্বে নগৰৰ এটা হোষ্টেলত যুৱকৰ আত্মহত্যা । ৰুমমেটে ধূমপান কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ বাবে আত্মহননৰ পথ বাছি ল'লে ১৮ বছৰীয়া সাগৰ অশোক পাৱাৰে ।

ধূমপান কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ বাবে পুণেত যুৱকৰ আত্মহনন
ধূমপান কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ বাবে পুণেত যুৱকৰ আত্মহনন

By

Published : Oct 16, 2020, 12:29 PM IST

নেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ: হোষ্টেলৰ ৰুমমেটেই কাল হ'ল পুণেৰ সাগৰ অশোক পাৱাৰৰ বাবে । ৰুমমেটে বাৰে বাৰে ধূমপান কৰিবলৈ হেঁচা প্ৰয়োগ কৰাত নিজৰ জীৱন শেষ কৰিলে ১৮ বছৰীয়া সাগৰ অশোক পাৱাৰে । পুণেৰ কাৰ্বে নগৰস্থিত এটা হোষ্টেলৰ একেটা কোঠাতে আছিল সাগৰ অশোক পাৱাৰ আৰু লক্ষ্মণ পেটেল ।

এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত হৈ আছিল সাগৰ । ৩০ বছৰীয়া লক্ষ্মণে বহু দিন ধৰি ধূমপান কৰিবলৈ সাগৰক জোৰ কৰি আছিল আৰু ভাবুকিও দিছিল । অৱশেষত অতিষ্ঠ হৈ আত্মহননৰ দৰে চৰম পথ বাছি ল'লে সাগৰে ।

যোৱা ১০ অক্টোবৰৰ পৰা ১৩ অক্টোবৰৰ ভিতৰত সংঘটিত হৈছে এই ভয়াৱহ ঘটনা । ৱাৰ্জে আৰক্ষীয়ে অভিযুক্ত লক্ষ্মণ পেটেলৰ বিৰুদ্ধে আত্মহত্যাৰ বাবে উচতনি দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰে । উপ-পৰিদৰ্শক ভি এছ ডি যাদৱৰ নেতৃত্বত ৱাৰ্জে আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:এয়াৰ ইণ্ডিয়া তীব্ৰ আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন

ABOUT THE AUTHOR

...view details