অসম

assam

ETV Bharat / bharat

ৰিজাৰ্ভ বেংকৰ অন্তৰ্গত হ'ব দেশৰ ১,৫৪০ টা কো-অপাৰেটিভ বেংক - বেকিং ক্ষেত্ৰত সংশোধন

এতিয়াৰে পৰা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অন্তৰ্গত হ'ব সমগ্ৰ দেশৰ ১৪৮২ টা চহৰ আৰু ৫৮ টা বহু-ৰাজ্যিক সমবায় বেংক। ইয়াৰ দ্বাৰা ৮ কোটি ৬০ লাখ একাউণ্ট থকা লোকৰ জমা ৰখা ধনৰাশি সুৰক্ষিত হ'ব বুলি প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবড়েকাৰে ।

Cabinet Decision
1,540 cooperative banks to be brought under RBI's supervision: Cabinet Decision

By

Published : Jun 24, 2020, 8:58 PM IST

নিউজ ডেস্ক, ২৪ জুনঃ বুধবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক। বৈঠকৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবড়েকাৰ, গিৰিৰাজ সিং আৰু জিতেন্দ্ৰ সিঙে সংবাদমেল সম্বোধন কৰি কেবিনেট বৈঠকত হোৱা আলোচনা সন্দৰ্ভত উল্লেখ কৰে ।

বৈঠকত বিশেষকৈ বেকিং ক্ষেত্ৰত সংশোধনৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে । মোডী কেবিনেটে বেংকিং খণ্ডৰ সংশোধন কৰি ১৫৪০ টা কো-অপাৰেটিভ বেংকক ৰিজাৰ্ভ বেংকৰ অন্তৰ্গত হৈ কাম কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ।

"সমগ্ৰ দেশৰ ১৪৮২ টা চহৰ আৰু ৫৮ টা বহু-ৰাজ্যিক সমবায় বেংক আছে । আজি বৈঠকত এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰা হৈছে। নিৰ্দেশ অনুসৰি, এই আটাইবোৰ বেংকে এতিয়াৰে পৰা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অন্তৰ্গত হৈ কাম কৰিব । ইয়াৰ দ্বাৰা ৮ কোটি ৬০ লাখ একাউণ্ট থকা লোকৰ জমা ৰখা ধনৰাশি সুৰক্ষিত হ'ব । এই বেংকসমূহে ৰিজাৰ্ভ বেংকৰ অন্তৰ্গত হৈ কাম কৰিলে জমা থকা মুঠ ৪.৮৪ লাখ টকা নিৰাপদে থাকিব।" কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবড়েকাৰে এই কথা উল্লেখ কৰে ।

জাবড়েকাৰ সংবাদমেলত উল্লেখ কৰা অনুসৰি, মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত উন্নতিসাধনৰ বাবেও কেবিনেট বৈঠকত আলোচনা কৰা হৈছে । এতিয়া মহাকাশ ক্ষেত্ৰ সকলোৰে বাবে মুকলি হ'ব আৰু ইয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

তদুপৰি, মুদ্ৰা ঋণ আঁচনিৰ সন্দৰ্ভতো উল্লেখ কৰে মন্ত্ৰী জাবড়েকাৰে । মুদ্ৰা শিশু ঋণ লোৱা ৯ কোটি ৩৭ লাখ লোকে ২ শতাংশ সুত ৰেহাই পাব বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে । কেবিনেট বৈঠকত লগতে উত্তৰ প্ৰদেশৰ কুশীনগৰ বিমানবন্দৰক আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে গঢ়ি তোলাৰ বাবে অনুমোদন প্ৰদান কৰাৰ কথাও উল্লেখ কৰে।

ABOUT THE AUTHOR

...view details