অসম

assam

ETV Bharat / bharat

মুম্বাইত নমোৱা হ'ব আৱদ্ধ ১৪৬ গৰাকী ভাৰতীয় জাহাজ কৰ্মীক - ১৪৬ গৰাকী ভাৰতীয় জাহাজ কৰ্মী

বৃহস্পতিবাৰে থাইলেণ্ডৰ পৰা এমাহ পূৰ্বৰ পৰা যাত্ৰা কৰি অহা মাৰিলা ডিস্ক'ভাৰী জাহাজখনৰ ১৪৬ গৰাকী ভাৰতীয় জাহাজ কৰ্মীক অৱশেষত মুম্বাইত নমোৱাৰ অনুমতি প্ৰদান ।

146 Indian crew members stuck on cruise to disembark in Mumbai
146 Indian crew members stuck on cruise to disembark in Mumbai

By

Published : Apr 23, 2020, 9:12 AM IST

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃকৰ'ণা ভাইৰাছৰ বাবে জাহাজত আৱদ্ধ হৈ থকা ১৪৬ গৰাকী ভাৰতীয় জাহাজ কৰ্মীক অৱশেষত বৃহস্পতিবাৰে মুম্বাইত নমোৱা হ'ব । থাইলেণ্ডৰ পৰা এমাহ পূৰ্বেই জাহাখনে যাত্ৰা আৰম্ভ কৰিছিল । মহাৰাষ্ট্ৰৰ মুখ্য়মন্ত্ৰী কাৰ্যালয়ৰ পৰা বুধবাৰে জনোৱা হৈছিল এই কথা ।

মাৰিলা ডিস্ক'ভাৰী নামৰ জাহাজখনে যোৱা ১৪ এপ্ৰিলতেই মুম্বাইত আহি পাবলৈ সক্ষম হৈছিল । কিন্তু কৰ'ণা ভাইৰাছৰ বাবেই অনুমতি দিয়া হোৱা নাছিল নামিবলৈ । বৰ্তমানলৈকে কোনো যাত্ৰীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰা নাই বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জানিবলৈ দিয়া হৈছে ।

জাহাজখনে কোচী, নিউ মেংগালুৰ, গোৱা ২ ৰ পৰা ৬ এপ্ৰিলৰ ভিতৰত যাত্ৰা কৰাৰ পাচত মুম্বাইত আহি উপস্থিত হৈছিল । যেতিয়া মহামাৰী আৰম্ভ হৈছিল সকলো যাত্ৰীকে থাইলেণ্ডৰ পৰা ১৪ মাৰ্চত যাবলৈ দিয়া হৈছিল । কিন্তু জাহাজখনৰ ষ্টাফ, কৰ্মীসকলক নমাৰ অনুমতি দিয়া হোৱা নাছিল কোচীত ।

কোম্পানীৰ পৰা কোৱা হয় যে, ৩৭ দিন থাইলেণ্ডৰ পৰা যাত্ৰা কৰাৰ পাচত কোনো লোক আক্ৰান্ত হোৱা নাই । তাৰ পাচতো হাৰবৰত প্ৰৱেশৰ অনুমতি দিয়া নহয় ।

পিচত মহাৰাষ্ট্ৰ চৰকাৰে কেন্দ্ৰৰ সৈতে এই বিষয়ে আলোচনা কৰাৰ পাচত মুম্বাইলৈ আহিবলৈ অনুমতি প্ৰদান কৰে জাহাজখনক । বৰ্তমান ১৪৬ গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা চলি থকাৰ লগতে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে ।

ABOUT THE AUTHOR

...view details