অসম

assam

ETV Bharat / bharat

সৰ্বাধিক ভোটদানেৰে দেশৰ 11 ৰাজ্যৰ অভিলেখ - সৰ্বাধিক ভোটদানৰ অভিলেখ

স্বাধীনতাৰ পাচত প্ৰথমবাৰলৈ সৰ্বাধিক ভোটদানেৰে অভিলেখ ৰচিলে অসম,ৰাজস্থান,গুজৰাট,বিহাৰ,কৰ্ণাটক,ঝাৰখণ্ড,অন্ধ্ৰপ্ৰদেশ,মধ্যপ্ৰদেশ,হিমাচল প্ৰদেশ,উত্তৰপ্ৰদেশ আৰু ছত্তিশগড়ে৷

সৰ্বাধিক ভোটদানেৰে দেশৰ 11 ৰাজ্যৰ অভিলেখ

By

Published : Jun 3, 2019, 6:10 PM IST

গুৱাহাটী, 3 জুনঃ লোকসভা নিৰ্বাচনত সৰ্বাধিক ভোটদানেৰে দেশৰ 11 খন ৰাজ্যৰ অভিলেখ৷ স্বাধীনতাৰ পাচত পোনপ্ৰথমবাৰৰ বাবে সৰ্বাধিক ভোটদানৰৰ হাৰেৰে কৃতিত্ব ৰচিলে 11 খন ৰাজ্যই৷ শেহতীয়াকৈ দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে এই তথ্য ।

এই 11 খন ৰাজ্যৰ ভিতৰত স্থান পাইছে অসমেও । সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত অসমত ভোটদানৰ হাৰ আছিল 81.79 শতাংশ, যিটো স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ সম্ভৱ হৈছে। একেদৰে অভিলেখ সৃষ্টি কৰা আন 10 খন ৰাজ্যত ভোটদানৰ হাৰ আছিল ক্ৰমে ৰাজস্থানত 66.45 শতাংশ, গুজৰাটত 64.45 শতাংশ, বিহাৰত 57.43 শতাংশ, কৰ্ণাটকত 68.83 শতাংশ,ঝাৰখণ্ডত 66.90 শতাংশ, অন্ধ্ৰ প্ৰদেশত 80.31শতাংশ, মধ্য প্ৰদেশত 71.26 শতাংশ, হিমাচল প্ৰদেশত 73.18 শতাংশ, উত্তৰ প্ৰদেশত 59.29 শতাংশ আৰু ছত্তিশগড়ত 71.66 শতাংশ ।

ABOUT THE AUTHOR

...view details