অসম

assam

ETV Bharat / bharat

COVID-19 ৰোগীৰ সংস্পৰ্শলৈ অহাৰ পাচত কোৱাৰেণ্টাইনত 10 গৰাকী চিকিৎসাকৰ্মী - চিকিৎসা কৰ্মী

দক্ষিণ-পূৱ দিল্লীৰ অল্-ছাফিয়া হাস্পতালৰ 10 গৰাকী চিকাৎসা কৰ্মী কোৱাৰেণ্টাইনত থাকিব লগীয়া হৈছে । এগৰাকী COVID-19 ৰোগী প্ৰথমে চিকিৎসাৰ বাবে হাস্পতাল খনলৈ গৈছিল আৰু তেতিয়া এই 10 জন চিকাৎসা কৰ্মী লোকজনৰ সংস্পৰ্শলৈ আহিছিল ।

COVID-19 ৰোগীৰ চোৱাৰ পাচত কোৱাৰেণ্টাইনত 10 গৰাকী চিকিৎসা কৰ্মী
COVID-19 ৰোগীৰ চোৱাৰ পাচত কোৱাৰেণ্টাইনত 10 গৰাকী চিকিৎসা কৰ্মী

By

Published : Apr 20, 2020, 3:29 PM IST

নিউজ ডেস্ক, 20 এপ্ৰিলঃ দক্ষিণ পূৱ দিল্লীৰ এখন হস্পাতালৰ 10 গৰাকী চিকিৎসা কৰ্মীক কোৱাৰেইণ্টাইনত ৰখা হৈছে । অল্-ছাফিয়া হাস্পতালৰ চিকিৎসা কৰ্মী কেইগৰাকী নিজৰ কৰ্তব্য পালনৰ মাজত COVID-19 আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ আহিছিল ।

হাস্পতালখনৰ জেষ্ঠ চিকিৎসক এগৰাকীয়ে জনোৱা অনুসৰী,এপ্ৰিলৰ 13 তাৰিখে ৰোগী এজনক ভৰ্ত্তি কৰোৱা হৈছিল অল্-ছাফিয়া হাস্পতালত। বুকুৰ বিষত ভোগী আছিল ৰোগীজন। এই সময়চোৱাত ৰোগী জনৰ সুশ্ৰষাত জড়িত হৈছিল চিকিৎসা কৰ্মী কেইজন । পাচত ৰাম মনোহৰ লোহিয়া হাস্পতালত ৰোগীজনক পৰীক্ষা কৰোৱাত ধৰা পৰে COVID-19 পজিটিভৰ কথা ।

অল্-ছাফিয়া হাস্পতালত ৰোগীজনৰ অস্ত্ৰোপ্ৰচাৰ কৰা হৈছিল আৰু তাত জড়িত থকা ডাক্তৰকে ধৰি মুঠ 10 জন চিকিৎসা কৰ্মীৰেই তেজৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। মঙলবাৰে তেওঁলোকৰ ফলাফল অহাৰ সম্ভৱণা আছে।

লগতে পঢ়কঃ বিমান মন্ত্ৰীৰ পৰামৰ্শ অনুসৰিয়েই টিকট বুকিং বন্ধ কৰিছে এয়াৰ

ABOUT THE AUTHOR

...view details