অসম

assam

ETV Bharat / bharat

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি - 1 বজাৰ দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি...

1 pm top ten news
1 pm top ten news

By

Published : Dec 10, 2020, 1:00 PM IST

পত্নীক হানি-খুচি হত্যা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে

অসম-অৰুণাচল সিমান্তৱৰ্তী ডিৰাক সোণজানত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ স্বামীয়ে হানি-খুচি হত্যা কৰিলে পত্নীক ৷ সমগ্ৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা অভিযুক্ত স্বামীৰ ৷ ঘটনা সন্দৰ্ভত বৰডুমছা আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ ৷

বিটিচি নিৰ্বাচন: সপত্নীক ভোটদান হাগ্ৰামা মহিলাৰীৰ

আৰম্ভ হ'ল বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ কোকৰাঝাৰত সপত্নীক ভোটদান কৰিলে হাগ্ৰামা মহিলাৰীয়ে ৷ বিটিচিত বিপুল সংখ্যক ভোটত জয়লাভ কৰিব বুলি নিশ্চিত বিপিএফ প্ৰধান গৰাকী ৷

বিটিচি নিৰ্বাচনঃ ভোটদান সাব্যস্ত কৰি কি ক'লে মন্ত্ৰী চন্দন ব্ৰহ্মই

চিৰাঙত পুৱা 7:30 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ । 403 নম্বৰ নিলিবাৰী প্ৰাথমিক বিদ‍্যালয়ত মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান ৷ চিৰাঙ জিলাৰ মুঠ 7 টা পৰিষদীয় সমষ্টিৰ 34 প্ৰাৰ্থীৰ আজি নিৰ্ণয় হ'ব ভাগ্য ৷

পবা বনাঞ্চলত 30 ৰো অধিক লুপ্তপ্ৰায় অৰ্কিড ৰোপন

জোনাইত প্ৰকৃতিপ্ৰেমী যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা ৷ হাতে হাতে ৰঙ, ব্ৰাচ আৰু অৰ্কিড লৈ পবা বনাঞ্চলৰ সৌন্দৰ্য বৰ্ধনৰ চেষ্টা যুৱকৰ এটা দলৰ ৷ প্ৰায় 30 ৰো অধিক লুপ্তপ্ৰায় অৰ্কিড ৰোপন যুৱকৰ দলটোৰ ৷

PM-WANI আঁচনিয়ে ৱাই-ফাইৰ উপলব্ধতা উচ্চ হাৰত বৃদ্ধি কৰিব : প্ৰধানমন্ত্ৰী মোদী

বৃহস্পতিবাৰে কেবিনেটে পিএম-ৱানি (Wi-Fi Access Network Interface) আঁচনিৰ বাবে অনুমোদন প্ৰদান কৰিব ৷ এই আঁচনিখনে প্ৰযুক্তিৰে বিশ্বক সংশোধন কৰিব আৰু দেশজুৰি ৱাই-ফাইৰ উপলব্ধতা উচ্চ হাৰত বৃদ্ধি কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানিবলৈ দিয়ে ৷

সমষ্টিত নিম্ন মানৰ পকী পথ নিৰ্মাণে জ্বলা কলা খুৱাইছে ভূৱন পেগুক

নিৰ্মাণকাৰ্য চলি থকাৰ মাজতে জোনাইৰ এটা পকী পথৰ বিতুমিন চপৰা চপৰে এৰি যোৱাৰ অভিযোগ ৷ নিম্ন মানৰ পথ নিৰ্মাণক লৈ সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন বিধায়ক ভূৱন পেগু ৷ নিজেই গৈ পথ পৰিদৰ্শন কৰিলে বিধায়ক গৰাকীয়ে ৷

ধেমাজি ছাত্ৰ সন্থাৰ উদ্যোগত লুৰিণজ্যোতি গগৈক বিদায় সম্ভাষণ

ধেমাজিত উপস্থিত হোৱাৰ লগে লগে প্ৰাক্তন আছু নেতা গৰাকীক ধেমাজি তিনিআলিৰ পৰা গায়নে বায়নে আদৰি আনে ধেমাজি জিলা আছু কাৰ্যালয়ৰ শ্বহীদ উদ্যানলৈ ৷ শ্বহীদ উদ্যানত বন্তি প্ৰজ্বলন কৰি সেৱা লোৱাৰ পিছত পুনৰ সমদলৰ মাজেৰে ধেমাজি কাছাৰী ময়দানৰ বিদায় অনুষ্ঠানলৈ আদৰি নিয়ে ৷

বকলীয়াঘাটত পথ দুৰ্ঘটনাত বাইক আৰোহী গুৰুতৰভাৱে আহত

এ-এছ-০৯-ডি-১৫৫৫ নম্বৰৰ এখন পালচাৰ বাইকে ডাম্পাৰত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাতো সংঘটিত হয় ৷ ইপিনে দুৰ্ঘটনাটোৰ ফলত বাইক আৰোহী জন গুৰুতৰ ভাৱে আহত হয় বুলি জানিব পৰা গৈছে ৷

মৰিগাঁৱত তুংগত তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ

জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোঁহাইয়ে মৰিগাঁৱৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰী দল বিৰোধী কাৰ্য কলাপৰ বিষয়ে কটু ভাষাৰে সমালোচনা কৰি কয় যে, " দলৰ বিৰুদ্ধে ভোট দিবলৈ আহ্বান জনোৱা এইগৰাকী বিধায়ক ৰমাকান্ত দেউৰীয়ে পিছত কেনেদৰে দলৰ প্ৰতীক পদুম ফুলৰ ছবিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব।

তিৱা স্বায়ত্ব পৰিষদত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আপৰ প্ৰাৰ্থীয়ে

নং দমাল পৰিষদীয় সমষ্টি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আম আদমি পাৰ্টীৰ মনোনীত প্ৰাৰ্থী নয়নজ্যোতি পাটৰে । তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে ৯ নং দমাল পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মৰাকলং দমাল, টেঙাগুৰি আদি গাঁৱত বুধবাৰে দলীয় সমৰ্থকক লৈ নিৰ্বাচনী প্ৰচাৰ চলায় আপৰ নেত্ৰী গৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details