অসম

assam

ETV Bharat / bharat

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি - দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি

By

Published : Aug 31, 2020, 1:00 PM IST

৬ সপ্তাহৰ ভিতৰত অক্সফ'ৰ্ডে প্ৰস্তুত কৰা COVID-১৯ৰ ভেকচিন লাভৰ সম্ভাৱনা

কৰ'ণা মহামাৰী প্ৰতিৰোধৰ বাবে লণ্ডনৰ কেইগৰাকীমান বৈজ্ঞানিকে অক্সফ'ৰ্ড বিশ্ববিদ্যালয় আৰু লণ্ডনৰ ইম্পিৰিয়েল মহাবিদ্যালয়ৰ বৈজ্ঞানিকৰ সহযোগিতাত এটা নতুন ভেকচিনৰ পৰীক্ষণৰ কাম আৰম্ভ কৰিছে। অনাগত ৬সপ্তাহৰ ভিতৰত ভেকচিন প্ৰস্তুত হোৱাৰ আশা।

ক্ষুদ্ৰ আকাৰৰ ছবি আঁকি অসম বুক অফ ৰেকৰ্ডত নাম সন্নিবিষ্ট স্বপ্নীল নাজিৰৰ

অসম বুক অফ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ স্বপ্নীল নাজিৰে ৷ 10 মিলিমিটাৰ দৈৰ্ঘ্য আৰু 14 মিলিমিটাৰ প্ৰস্থৰে এখন ক্ষুদ্ৰ আকাৰৰ ছবি আঁকি অসম বুক অফ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰে স্বপ্নীলে ৷

দ্য আবে ইফেক্ট: আবে’ৰ কাৰ্যকালত ভাৰত জাপানৰ সম্বন্ধই শীৰ্ষতম বিন্দুলৈ আৰোহণ কৰিছিল…

শ্বিনজৌ আবেয়ে জাপানৰ প্ৰধান মন্ত্ৰীৰ পদৰ পৰা পদত্যাগ ঘোষণা কৰাৰ কৰাৰ লগে লগে দেশখনে পুনৰ এক ৰাজনৈতিক অস্থিৰতাৰ সন্মুখীন হ’বলগীয়া হোৱাৰ লগতে, ভাৰতে বিশ্ব স্তৰত নিজৰ শুভাকাংক্ষী সকলৰ ভিতৰত এজন অন্যতম সমৰ্থকক হেৰুওৱাৰ উপক্ৰম হৈছে ৷

বিশ্বনাথত নৱ নিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ ফাট

বিশ্বনাথৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মোনাবাৰীত নৱনিৰ্মিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ ফাট ৷ পথটোৰ নিৰ্মীয়মান এটা অংশত বৃহৎ ফাট মেলাক লৈ সৰৱ হৈ পৰিছে স্থানীয় লোককে ধৰি দল সংগঠন ৷

NEET-JEE পৰীক্ষাক কেন্দ্ৰ কৰি কেন্দ্ৰক সমালোচনা ৰাহুল গান্ধীৰ

"মন কী বাত"ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে NEET আৰু JEE পৰীক্ষাৰ বিষয়ে কোনো কথা উল্লেখ নকৰা বিষয়ক কেন্দ্ৰ কৰি, কেন্দ্ৰৰ বিৰুদ্ধে সমালোচনামূলক মন্তব্য কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয় ৷

বিলাসীপাৰাত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন যুৱক

দেওবাৰে নিশা বিলাসীপাৰাৰ গৌৰাং নৈত সংঘটিত নাও দুৰ্ঘটনাৰ পাচত বৰ্তমানেও সন্ধানহীন হৈ আছে এগৰাকী যুৱক ৷ যুৱকগৰাকী বিলাসীপাৰাৰ নায়েৰ আলগা ২য় খণ্ডৰ চুনাৰীপাৰাৰ বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷

লেজাইত আধাৰ কাৰ্ডৰ নামত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে ধন সংগ্রহৰ অভিযােগ

লেজাই গাঁও পঞ্চায়তৰ বিজেপিৰ সভানেত্ৰী ৰীমা দাসৰ বিৰুদ্ধে স্থানীয় ৰাইজে উত্থাপন কৰিছে অভিযোগ ৷ আধাৰ কার্ড দিয়াৰ নামত সভানেত্ৰী গৰাকীয়ে গ্ৰামাঞ্চলৰ শতাধিক লোকৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মেজিক নম্বাৰ 100ক প্ৰত্যাহ্বান ৰিপুন বৰাৰ

দেওবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ঘোষণা কৰে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ৰণকৌশল ৷ দেওবাৰে জাগীৰোডত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

তৃতীয় দিনৰ বাবে চিবিআইয়ে জেৰা কৰিলে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক

বিগত তিনিদিন ধৰি অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ সৈতে সোধপোছ অব্যাহত ৰাখে চিবিআইয়ে ৷ চিবিআইৰ বিষয়ববীয়াই জনোৱা অনুসৰি, ৰিয়া আৰু তেখেতৰ ভাতৃ দেওবাৰে DRDOৰ অতিথিশালাত পুৱা 10.15 উপস্থিত হয় আৰু সন্ধিয়া 7 বজাত উভতে ৷

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

কৰ'ণা মহামাৰীৰ সংক্ৰমণে সমগ্ৰ বিশ্বতে অতিক্ৰম কৰিলে 2,53,84,823 তকৈয়ো অধিক লোকলৈ ৷ 31 আগষ্ট পৰ্যন্ত এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পালে 8,50,592 গৰাকীলৈ ৷

ABOUT THE AUTHOR

...view details