অসম

assam

Wrestlers Protest: "বেটী বচাও বেটী পঢ়াও"ৰ সলনি এতিয়া "বিজেপি কে নেতা সে বেটী বচাও"- কংগ্ৰেছ

By

Published : May 31, 2023, 7:53 PM IST

"বিজেপিৰ বেটী বচাও বেটী পঢ়াও শ্লোগানৰ সলনি এতিয়া বিজেপি কে নেতা সে বেটী বচাও হৈছে (Beti BJP ke netaon se bachao) ৷ এইসকল মল্লযুঁজাৰুৱে পদক জিনি দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ সময়ত প্ৰধানমন্ত্ৰীৰ লগতে মন্ত্ৰীসকলে খেলুৱৈসকলৰ সৈতে একেটা শাৰীতে ফটো উঠিছিল ৷ কিন্তু এতিয়া সেই পদকসমূহকে তেওঁলোকে বিসৰ্জন কৰিবলৈ লওঁতে চৰকাৰে নীৰৱ ভূমিকা পালন কৰিছে ৷" এক সংবাদমেলযোগে বিজেপিক ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছী সাংসদ ডিপেণ্ডাৰ হুডাৰ ৷

Cong slams govt over wrestlers issue
বিজেপি কে নেতা সে বেটী বচাও

নিউজ ডেস্ক, 31 মে’:দেশজুৰি তোলপাৰ লগাইছে মল্লযুঁজাৰুসকলৰ প্ৰতিবাদে (Wrestlers Protest in India) ৷ 30 মে’ অৰ্থাৎ মঙলবাৰে হৰিদ্বাৰত উপস্থিত হৈ প্ৰতিবাদী মল্লযুঁজাৰুসকলে তেওঁলোকৰ পদক বিসৰ্জন দিয়াৰ কথা ঘোষণা কৰিছিল যদিও কৃষক নেতা নৰেশ টিকাইতে বুজনি দি তেওঁলোকৰ পৰা 5 দিনৰ সময় বিচাৰিছিল (Cong slams govt over wrestlers issue) ৷

ইয়াৰ পিচতো চৰকাৰৰ নীৰৱ ভূমিকাই আশ্চৰ্য কৰি তুলিছে সকলোকে ৷ এই বিষয় সন্দৰ্ভত বুধবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি কংগ্ৰেছৰ সাংসদ ডিপেণ্ডাৰ হুডাই চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয়,"বিজেপিৰ বেটী বচাও বেটী পঢ়াও শ্লোগানৰ সলনি এতিয়া বিজেপি কে নেতা সে বেটী বচাও হৈছে (Beti BJP ke netaon se bachao) ৷ এই পদকসমূহ তেওঁলোকৰ জীৱন, ই তেওঁলোকৰ সংগ্ৰাম, তেওঁলোকৰ পৰিয়ালৰ ত্যাগ আৰু ৰাষ্ট্ৰৰ গৌৰৱক প্ৰতিনিধিত্ব কৰাৰ চিনাকি। এই চৰকাৰ নিষ্ঠুৰ (Congress MP Depender Hooda slams govt)। আমি প্ৰধানমন্ত্ৰী আৰু চৰকাৰক সুধিব বিচাৰো যে মল্লযুঁজাৰুসকলে তেওঁলোকৰ পদকসমূহ বিসৰ্জন দিয়াৰ ঘোষণা কৰাৰ পিচত কিয় এবাৰো পদকসমূহ বিসৰ্জন নকৰিবলৈ আহ্বান নকৰিলে ?"

কংগ্ৰেছী সাংসদগৰাকীয়ে লগতে কয়, "এইসকল মল্লযুঁজাৰুৱে পদক জিনি দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ সময়ত প্ৰধানমন্ত্ৰীৰ লগতে মন্ত্ৰীসকলে খেলুৱৈসকলৰ সৈতে একেটা শাৰীতে ফটো উঠিছিল ৷ কিন্তু এতিয়া সেই পদকসমূহকে তেওঁলোকে বিসৰ্জন কৰিবলৈ ওলাওঁতে চৰকাৰে নীৰৱ ভূমিকা পালন কৰিছে ৷ এই ব্যৱহাৰ কেৱল খেলুৱৈ বিৰোধী নহয় পদক বিৰোধীও ৷"

"চৰকাৰে ইউনিফৰ্ম চিভিল কোডৰ কথা কয়, এই চিভিল কোড বিজেপি নেতাসকলৰ বাবে প্ৰযোজ্য নহয় নেকি ? তেওঁলোকৰ বাবে পৃথক আইন আছে নেকি ? যদি এগৰাকী যুৱতীয়ে ন্যায় বিচাৰে তেন্তে তেওঁ ন্যায় লাভ কৰাটো ৰাজধৰ্ম ৷ নতুন সংসদ ভৱনৰ উদ্বোধনৰ দিনটোত দিল্লী আৰক্ষীয়ে কিদৰে মল্লযুঁজাৰুসকলৰ লগত ব্যৱহাৰ কৰিছিল অথবা তেওঁলোকক ৰাজপথৰ পৰা চোঁচৰাই লৈ গৈছিল, সেয়া সকলোৱে দেখিছে ৷ খেলুৱৈসকলৰ প্ৰতি ইমান ঘৃণা কিয় ?" হুডাই চৰকাৰৰ ওপৰত ক্ষোভ উজাৰি এই মন্তব্য প্ৰকাশ কৰে ৷

স্মৰ্তব্য যে শেহতীয়াকৈ অলিম্পিক পদক বিজয়ী বক্সাৰ তথা কংগ্ৰেছ নেতা বিজেন্দ্ৰ সিঙে এই সমগ্ৰ ঘটনা সন্দৰ্ভত টুইটযোগে ক্ষোভ উজাৰি কয় যে, এই ঘটনাই ১৯৬০ চনৰ ঘটনাৰ পুনৰাবৃত্তি কৰিছে, সেই সময়ত কিংবদন্তি বক্সাৰ মহম্মদ আলীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত জাতিগত পৃথকীকৰণৰ প্ৰতিবাদত তেওঁৰ অলিম্পিকৰ সোণৰ পদক ওহাইঅ' নদীত বিসৰ্জন দিছিল ৷

স্মৰ্তব্য যে, অলিম্পিক পদক বিজয়ী সাক্ষী মালিক, বজৰং পুনিয়া আৰু এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী বিনেশ ফোগাটে কুস্তি ফেডাৰেচন অৱ ইণ্ডিয়াৰ মুৰব্বী তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে ৷

ইফালে বুধবাৰে ভাৰতীয় কুস্তি ফেডাৰেচনৰ (Wrestling Federation of India, WFI) মুৰব্বী তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙে প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলৰ অভিযোগৰ প্ৰত্যুত্তৰ দি কয় যে যদি তেওঁৰ বিৰুদ্ধে যদি অভিযোগ প্ৰমাণিত হয় তেন্তে তেওঁ নিজেই ফাঁচি লগাই ল’ব (Brij Bhushan reacted on wrestlers allegation) ।

উত্তৰ প্ৰদেশৰ বাৰাবাঁকীত এক ৰাজহুৱা ৰেলীত ভাষণ দি তেওঁৰ বিৰুদ্ধে প্ৰতিবাদৰ চিন স্বৰূপে মল্লযোদ্ধাসকলে গংগাত তেওঁলোকৰ পদক বিসৰ্জন দিয়াৰ কথা ঘোষণা কৰাৰ বাবে মল্লযোদ্ধাসকলক উপহাস কৰে (Wrestlers Protest Row) ।

লগতে পঢ়ক:Wrestlers Protest Row : দোষী প্ৰমাণিত হ'লে নিজে ওলমিম ফাঁচিকাঠত; ব্ৰীজ ভূষণ সিং

ABOUT THE AUTHOR

...view details