অসম

assam

ETV Bharat / bharat

Film director Pinaki Chaudhuri Dies : ৰাষ্ট্ৰীয় বঁটা প্ৰাপক পৰিচালক পিনাকী চৌধুৰীৰ বিয়োগ - Kakababu Here Gelen

বাংলা চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক পৰিচালক পিনাকী চৌধুৰী আৰু নাই (Film director Pinaki Chaudhuri death)। বাংলা চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক পৰিচালকগৰাকীৰ সোমবাৰে কলকাতাৰ বাসগৃহত মৃত্যু হয় । চৌধুৰীয়ে তবলা বাদক হিচাবে কৰ্মজীৱন আৰম্ভ কৰিছিল ।

film director Pinaki Chaudhuri dies
ৰাষ্ট্ৰীয় বঁটা প্ৰাপক পৰিচালক পিনাকী চৌধুৰীৰ বিযোগ

By

Published : Oct 25, 2022, 7:38 AM IST

নেশ্য়নেল ডেস্ক, ২৫ অক্টোবৰ :বাংলা চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক পৰিচালক পিনাকী চৌধুৰীৰ সোমবাৰে কলকাতাৰ বাসগৃহত মৃত্যু হয় (Director of Bengali films Pinaki Chaudhuri died) । দীৰ্ঘদিনীয়া অসুস্থতাৰ ফলত তেওঁৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে সদৰী কৰিছে । ৮২ বছৰীয়া চৌধুৰীয়ে মৃত্য়ুৰ সময়ত পত্নী আৰু এজন পুত্ৰক এৰি থৈ যায় । তেওঁ লিম্ফোমাত ভুগি আছিল (Pinaki Chaudhuri suffering from lymphoma)।

লিম্ফেটিক কৰ্কট ৰোগত আক্ৰান্ত হোৱাত এমাহ আগতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । অৱশ্য়ে তেওঁক তিনিদিন পূৰ্বে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল । চিকিৎসালয় কৰ্তৃপক্ষই তেওঁক জীৱনৰ অন্তিম ক্ষণত তেওঁৰ বাসগৃহলৈ ঘূৰাই নিবলৈ পৰিয়ালৰ লোকক পৰামৰ্শ আগবঢ়াইছিল ।

চৌধুৰীৰ সৰুৰে পৰাই কলা আৰু সংগীতৰ প্ৰতি আগ্ৰহী আছিল । ১৯৮৩ চনত তেওঁ সৌমিত্ৰ চেটাৰ্জী (Soumitra Chatterjee), অমল পালেকাৰ (Amol Palekar), তনুজা(Tanuja), ছায়া দেৱী অভিনীত চেনা আচেনা '(Chena Achena) পৰিচালনা কৰাৰ সময়ত চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল । তেওঁ ১৯৯৬ চনত সাংঘাথৰ (National awards for Shanghaath) বাবে আৰু ২০০৭ চনত বালিগুঞ্জ কোৰ্টৰ বাবে দুটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ।

তেওঁৰ আন উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত অন্য়তম হৈছে কাকাবাবু হেৰে গেলেন?' (Kakababu Here Gelen?), এক টুক্ৰো চান্দ' (Ek Tukro Chand) আৰু আৰোহনৰ । অভিনেতা ভাশ্বৰ চেটাৰ্জীয়ে (Bhaswar Chatterjee) লণ্ডনত তেওঁৰ শ্বুটিঙৰ অভিজ্ঞতাৰ কথা এটা ফেচবুক পোষ্টত উল্লেখ কৰিছে । অভিনেতা চেটাৰ্জীয়ে কয়,"তেওঁ সকলো বাস্তৱ স্থানত দৃশ্যগ্ৰহণ কৰিছিল । এইবোৰৰ ভিতৰত অন্য়তম হৈছে বিগ বেন, ভিক্টোৰিয়া টাৰ্মিনাছ, টেমছ, লণ্ডন আই, বাকিংহাম পেলেচ, ৰেষ্ট ইন পিচ ছাৰ।"

উল্লেখ্য় যে চৌধুৰীয়ে তবলা বাদক হিচাবে কৰ্মজীৱন আৰম্ভ কৰিছিল । উস্তাদ কেৰমাতুল্লা খানৰ অধীনত তেওঁ প্ৰশিক্ষণ লাভ কৰিছিল । পিনাকী চৌধুৰীয়ে লণ্ডনত পণ্ডিত ৰবি শংকৰৰো সান্নিধ্য় লাভ কৰিছিল । তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানত অধ্যয়ন কৰিছিল । ইয়াৰ পিছতে লণ্ডন বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তি কৰে ।

লগতে পঢ়ক:Sitrang Cyclone in Assam : ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিবৃ পাতৰ সম্ভাৱনা ব্যক্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ

ABOUT THE AUTHOR

...view details