নিউজ ডেস্ক, 31 মাৰ্চ:ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু হৈছে পশ্চিম বংগ ৷ 1 এপ্ৰিলত 30 টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । নন্দীগ্ৰামত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মুখামুখি হ'ব তেওঁৰ প্ৰাক্তন মন্ত্ৰী সহকৰ্মী শোভেন্দু অধিকাৰীৰ বিৰুদ্ধে । ৰাজ্যৰ চাৰিখন জিলাৰ দ্বিতীয় পৰ্যায়ত 30 টা বিধানসভা সমষ্টিৰ 8332 টা ভোটকেন্দ্ৰত ভোটদান হ'ব ।
বৃহস্পতিবাৰে ভোটাৰসকলে 9 টাতকৈও অধিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দলৰ 171 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷ বাংকুৰা সমষ্টিত সৰ্বাধিক সংখ্যক প্ৰাৰ্থী (11) আছে ৷ আনহাতে, কেশপুৰ আৰু ইণ্ডুচ সমষ্টিত সৰ্বনিম্ন সংখ্যক প্ৰাৰ্থী (3)প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।