নেশ্যনেল ডেস্ক,২৭ জানুৱাৰী :বিবিচিৰ প্ৰধানমন্ত্ৰী মোডী তথ্যচিত্ৰক লৈ বিতৰ্ক চলি থকাৰ মাজতে দিল্লীৰ আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ঘোষণা । জেএনইউ (JNU), জামিয়া, দিল্লী বিশ্ববিদ্যালয়ৰ পাছত আম্বেদকাৰ বিশ্ববিদ্যালয়ত প্ৰধানমন্ত্ৰী মোডীৰ ওপৰত আধাৰিত বিবিচিৰ তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ'ব (BBC Modi documentary to screen)। দুপৰীয়া ১ বজাৰ পৰা প্ৰদৰ্শন হ'ব তথ্যচিত্ৰখন । একে সময়তে ইয়াক এছ.এফ.আই.-ৰ দ্বাৰা সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈছে (SFI plans to screen BBC Modi documentary)।
ইয়াৰ পূৰ্বে, দিল্লী বিশ্ববিদ্যালয়েও প্ৰধানমন্ত্ৰীৰ ওপৰত আধাৰিত তথ্যচিত্ৰ প্ৰদৰ্শনৰ বিষয়ে আলোচনা কৰিছিল । বাতৰি অনুসৰি, দিনৰ ৫ বজাত বিশ্ববিদ্যালয়ৰ কলা অনুষদত ইয়াক প্ৰদৰ্শন কৰিবলৈ মুছলমান শিক্ষাৰ্থী, এনএছইউআই আৰু ভীম আৰ্মীয়ে ঘোষণা কৰিছিল । দিল্লী বিশ্ববিদ্যালয়ৰ এআইএছএৰ সভাপতি মানিকে কোৱা মতে জেএনইউৰ পাছত জামিয়া, দিল্লী বিশ্ববিদ্যালয়ৰ একাংশ মুছলমান শিক্ষাৰ্থী আৰু অন্যান্য সংগঠনে ঘোষণা কৰিছে যে স্ক্ৰীণিং কৰা হ'ব (BBC Modi documentary banned)।
অৱশ্যে, তেওঁলোকেও ইয়াক সমৰ্থন কৰিব । কিন্তু যি ধৰণে জামিয়াত শিক্ষাৰ্থীসকলক আটক কৰা হৈছে সেয়া বিবেচনা কৰিহে সিদ্ধান্ত লোৱা হ'ব । ইফালে জেএনইউ, জামিয়াৰ পাছত দিল্লী বিশ্ববিদ্যালয় প্ৰশাসনেও বিবিচিৰ বিতৰ্কিত তথ্যচিত্ৰখনৰ প্ৰদৰ্শন নিষিদ্ধ কৰিছে ।