অসম

assam

By

Published : Aug 15, 2023, 7:40 PM IST

ETV Bharat / bharat

Naxalgarh Independence Day: স্বাধীনতাৰ পাচত প্ৰথমবাৰৰ বাবে 9খন গাঁৱত উত্তোলন কৰা হ’ল ৰাষ্ট্ৰীয় পতাকা

ছত্তিশগড়ৰ তিনিখন জিলাৰ 9খন গাঁৱত দেশৰ স্বাধীনতাৰ পাচত পোন প্ৰথমবাৰৰ বাবে উত্তোলন কৰা হয় ৰাষ্ট্ৰীয় পতাকা ৷ উল্লেখ্য যে নক্সাল অধ্যুষিত আছিল এই গাঁও কেইখন ৷

Naxalgarh Independence Day
Naxalgarh Independence Day

নেশ্যনেল ডেস্ক, 15 আগষ্ট:ছত্তিশগড়ৰ নাক্সালবাদী অধ্যুষিত কেইবাখনো জিলাত শান্তিপূৰ্ণভাৱে উদযাপন কৰা হ’ল দেশৰ 77 সংখ্যক স্বাধীনতা দিৱস ৷ ছত্তিশগড়ৰ যিসমূহ স্থানত নক্সালদাবীৰ ভয়ত ৰাইজে বছৰ বছৰ ধৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব পৰা নাছিল, সেই স্থানতে খোদ মূল সুঁতিলৈ ঘূৰি অহা নক্সালবাদীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে দিলে ’ভাৰত মাতা কী জয়’ শ্লোগান ৷

উল্লেখ্য যে চৰকাৰৰ উন্নয়নমুখী পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই বহু নক্সালবাদীয়ে এতিয়া হিংসাৰ পথ ত্যাগ কৰিছে ৷ মঙলবাৰে ৰাজ্যখনৰ দান্তেৱাড়া, বিজাপুৰ আৰু চুকমাৰ প্ৰায় ৯ টা অঞ্চলত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় ৷

উল্লেখ্য যে ছত্তিশগড়ৰ তিনিখন নক্সাল প্ৰভাৱিত জিলাত দেশৰ স্বাধীনতাৰ 76 বছৰৰ পিচত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় ৷ তাৰে ভিতৰত দান্তেৱাড়াৰ বুৰ্গুম, বাদেগাদাম, টুমৰিগুণ্ডা, চিন্নাগেলুৰ, টাইমনাৰ, হিৰোলী, বেট্ৰে, ডুব্বামাৰ্কা আৰু টণ্ডামাৰ্কা গাঁৱত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় ৷ স্বাধীনতা দিৱসৰ অনুষ্ঠানত দলে-বলে যোগদান কৰে আত্মসমৰ্পণকাৰী নক্সালবাদী সকলে ৷

দেশৰ স্বাধীনতা দিৱসৰ বিৰোধিতা কৰা এই গাঁও কেইখনক স্পৰ্শকাতৰ অঞ্চল হিচাবে গণ্য কৰা হয় ৷ পূৰ্বে এই গাঁৱসমূহ ৰাষ্ট্ৰীয় পতাকাৰ সলনি ক’লা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল ৷ কিন্তু মঙলবাৰৰ দিনটো অঞ্চলবাসীৰ বাবে এক ঐতিহাসিক দিন হৈ পৰিল ৷ উল্লেখ্য যে স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত আৰক্ষীয়েও অংশগ্ৰহণ কৰে ৷

এয়া কেৱল চৰকাৰৰ উন্নয়নমুখী কাম-কাজৰ বাবেই সম্ভৱ হোৱা বুলি উল্লেখ কৰিছে জিলা প্ৰশাসন তথা স্থানীয় লোকে ৷

লগতে পঢ়ক:Road mishap: শোকাৱহ! পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একে পৰিয়ালৰ 6 জনে

ABOUT THE AUTHOR

...view details