অসম

assam

ETV Bharat / bharat

Bank holidays 2021: আগষ্ট মাহত 15 দিনৰ বাবে বন্ধ থাকিব বেংক

2021ৰ আগষ্ট মাহত মুঠ 15 দিনৰ বাবে বন্ধ থাকিব সকলো ব্যক্তিগত খণ্ডৰ লগতে চৰকাৰী বেংক ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি মুকলি কৰা হৈছে এই বন্ধৰ তালিকা ৷

Banks to remain closed for 15 days in August
আগষ্ট মাহত 15 দিনৰ বাবে বন্ধ থাকিব বেংক

By

Published : Jul 30, 2021, 1:05 PM IST

নিউজ ডেস্ক, 30 জুলাই : আগষ্ট মাহত মুঠ 15 দিনৰ বাবে বন্ধ থাকিব দেশৰ ব্যক্তিগত খণ্ডৰ লগতে চৰকাৰী বেংকসমূহ ৷ এই 15 দিনীয়া বন্ধৰ তালিকাত 2য় আৰু চতুৰ্থ শনিবাৰৰ লগতে দেওবাৰো অন্তৰ্ভক্ত হৈ আছে ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি মুকলি কৰা হৈছে এই বন্ধৰ তালিকা ৷

ৰিজাৰ্ভ বেংকৰ holiday calendarৰ তালিকাত আগষ্ট মাহটোত বেংকসমূহ 8 দিনৰ বাবে বন্ধ থাকিব আৰু বাকী কেইদিন সাপ্তাহিক বন্ধ ৷ যদিও এই 8 দিনত সকলো ৰাজ্যতে বেংকসমূহ বন্ধ নাথাকিব কাৰণ প্ৰতিখন ৰাজ্যতে উৎসৱ-পাৰ্ৱন অনুসৰি নিজা নিজা বন্ধৰ তালিকা থাকে ৷ অধিক সংখ্যক ৰাজ্যতে 19 আগষ্টত ‘মহৰম’ উপলক্ষে বন্ধ থাকিব বেংকসমূহ ৷

ৰিজাৰ্ভ বেংকে তিনিটা বন্ধনীত বেংকৰ বন্ধসমূহ ভাগ কৰে ৷ এই বন্ধনীকেইটা হ’ল- Holiday under Negotiable Instruments Act, Holiday under Negotiable Instruments Act and Real-Time Gross Settlement Holiday আৰু Banks’ Closing of Accounts

গতিকে যদি আপোনাৰো আগষ্ট মাহটোত বেংক সম্বন্ধীয় কাম-কাজৰ পৰিকল্পনা আছে তেন্তে বেংকলৈ ধৱমান হোৱাৰ পূৰ্বে এই তালিকাখন নিশ্চয়কৈ চাই লাওক-

2021ৰ আগষ্ট মাহৰ বেংক বন্ধৰ তালিকা:

ইয়াৰ উপৰিও সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বেংক 2য় আৰু চতুৰ্থ শনিবাৰে বন্ধ থকাৰ লগতে দেওবাৰে বন্ধ থাকে ৷

Bank holidays 2021

2021ৰ আগষ্টৰ Weekend holidayসমূহ-

Bank holidays 2021

লগতে পঢ়ক-RBIএ দেশত পৰ্যায়ক্ৰমে প্ৰণয়ন কৰিব ডিজিটেল কাৰেঞ্চি

ABOUT THE AUTHOR

...view details