অসম

assam

অনাহাৰ মৃত্যুক ৰোধ কৰক...

এয়া খুবেই উদ্বেগজনক যে, কেন্দ্ৰীয় চৰকাৰে প্ৰব্ৰজিত শ্ৰমিকসকলৰ বিষয়ে কণমানো চিন্তিত নহয় ৷ যি সকলে দেশৰ জিডিপিত প্ৰতি বছৰে 10 শতাংশ অৱদান আগবঢ়ায় । যোৱা বছৰ দেশজোৰা লক ডাউনৰ সময়ত নিজ গৃহলৈ উভতি অহা শ্ৰমিকসকলৰ 39 শতাংশই কৰ্মহীন হৈ আছিল । লক ডাউনৰ ফলত তেওঁলোকৰ আয় 86 শতাংশ হ্ৰাস পাইছিল । এইবাৰো প্ৰব্ৰজিত শ্ৰমিকসকলে যোৱা বছৰৰ দৰে একেই অভিজ্ঞতাৰ সম্মুখীন হৈছে । চৰকাৰে কিন্তু এই বৃহৎ সংখ্যক প্ৰব্ৰজিত শ্ৰমিকসকলক লৈ চিন্তা কৰাৰ বাবে তথা তেওঁলোকৰ সমস্যা সমাধানৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

By

Published : May 19, 2021, 1:29 PM IST

Published : May 19, 2021, 1:29 PM IST

Avert starvation deaths
অনাহাৰ মৃত্যুক ৰোধ কৰক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পূৰ্বতেই উল্লেখ কৰিছিল যে, আমি ক’ভিড মহামাৰীৰ প্ৰকোপৰ পৰা জীৱন আৰু জীৱিকা দুয়োটাই সুৰক্ষিত কৰিব লাগিব । প্ৰখ্যাত অৰ্থনীতিবিদ জিন ডেৰেজে ইতিমধ্যেই সকীয়াই দিয়ে যে, সমগ্ৰ দেশজোৰা লক ডাউন ঘোষণা নকৰিলেও ৰাজ্যসমূহে যি ধৰণৰ অৰ্ধ লক ডাউন আৰু বাধ্য-বাধকতা জাৰি কৰিছে, ই সমগ্ৰ দেশতে জীৱিকাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাতো খাটাং ।

আমাৰ দেশৰ বহু নাগৰিকৰ কাৰণে দিন-মজুৰিয়েই এক প্ৰকাৰ জীৱিকা । যিহেতু দেশৰ অসংগঠিত খণ্ডত এতিয়াও 45 কোটি মজদুৰে আর্থিক দৈন্যতাৰ মাজত কাম কৰে, গতিকে অনাহাৰ মৃত্যুৰ হাৰে ক’ভিড মহামাৰীৰ ফলত হোৱা মৃত্যুৰ হাৰ অতিক্ৰম কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি । অনাহাৰ মৃত্যু ৰোধ কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে, দেশৰ 80 কোটি মানুহক মে' আৰু জুন মাহৰ ভিতৰত 5 কিল’গ্রামকৈ বিনামূলীয়া ৰেচন যোগান ধৰা হ’ব । কিন্তু উল্লেখনীয় যে, দেশৰ 10 কোটি মানুহে এতিয়াও বিনামূলীয়া ৰেচনৰ পৰা বঞ্চিত; কিয়নো তেওঁলোকৰ নাম লোকপিয়লত অন্তৰ্ভূক্ত হোৱা নাই । আন কিছু মানুহৰ নামো সময়ৰ লগে লগে পিয়লৰ পৰা বাদ পৰিছে আৰু এই বৃহৎ সংখ্যক লোকে ৰেচনৰ সামগ্ৰী নোপোৱাতো ধুৰূপ ৷

আনফালে যদিও কেন্দ্ৰীয় চৰকাৰে কিছুলোকৰ বাবে বিনামূলীয়া ৰেচন বা সুলভ মূল্যত সামগ্ৰী যোগান ধৰাৰ কথা কৈছে, সেই একেখন চৰকাৰে কিন্তু প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে কোনো ব্যৱস্থা ঘোষণা কৰা পৰিলক্ষিত হোৱা নাই । কেন্দ্ৰীয় চৰকাৰে দাবী কৰিছে যে, যিহেতু দেশজোৰা লক ডাউন ঘোষণা হোৱা নাই, সেয়ে প্ৰব্ৰজিত শ্ৰমিকসকলে নিজৰ ঘৰলৈ উভতি গৈ ৰেচন কাৰ্ডৰ সহায়ত সুলভ মূল্যৰ সামগ্ৰী লাভ কৰিব পাৰে ।

এয়া খুবেই উদ্বেগজনক যে, কেন্দ্ৰীয় চৰকাৰে প্ৰব্ৰজিত শ্ৰমিকসকলৰ বিষয়ে কণমানো চিন্তিত নহয় ৷ যি সকলে দেশৰ জিডিপিত প্ৰতি বছৰে 10 শতাংশ অৱদান আগবঢ়ায় । যোৱা বছৰ দেশজোৰা লক ডাউনৰ সময়ত নিজ গৃহলৈ উভতি অহা শ্ৰমিকসকলৰ 39 শতাংশই কৰ্মহীন হৈ আছিল । লক ডাউনৰ ফলত তেওঁলোকৰ আয় 86 শতাংশ হ্ৰাস পাইছিল । এইবাৰো প্ৰব্ৰজিত শ্ৰমিকসকলে যোৱা বছৰৰ দৰে একেই অভিজ্ঞতাৰ সম্মুখীন হৈছে । চৰকাৰে কিন্তু এই বৃহৎ সংখ্যক প্ৰব্ৰজিত শ্ৰমিকসকলক লৈ চিন্তা কৰাৰ বাবে তথা তেওঁলোকৰ সমস্যা সমাধানৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

কেন্দ্ৰীয় চৰকাৰে দাবী কৰি আহিছে যে, ভাৰতবৰ্ষই বছৰি কৃষি ক্ষেত্ৰত 96 শতাংশ বেছি উৎপাদন কৰিবলৈ সক্ষম হৈছে । কিন্তু ভাৰতৰ স্থান এতিয়াও 107 খন দেশৰ ৱৰ্ল্ড হাংগাৰ ইনডেক্সত 94 নম্বৰতহে আছে । ক’ভিড মহামাৰীয়ে যিহেতু জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে, ফলত ই প্ৰব্ৰজিত শ্ৰমিকসকলৰ জীৱনৰ প্ৰতি থকা অধিকাৰৰ ওপৰত প্ৰভাৱ পেলাইছে । মহামান্য সর্বোচ্চ ন্যায়ালয়ে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ চৰকাৰক এই শ্ৰমিকসকলক যাৱতীয় সামগ্ৰীৰ বাহিৰেও দুবেলা-দুমুঠি খাদ্য উপলব্ধ কৰাবলৈ নিৰ্দেশ দিছে । আদালতে চৰকাৰক পৰিবহণৰ ব্যৱস্থা কৰিবলৈও নির্দেশ দিছে, যাতে এই শ্ৰমিকসকল নিজৰ ঘৰলৈ ঘূৰি যাব পাৰে । বাকীসমূহ ৰাজ্যয়েও এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজনীয় ।

বহু পৰিয়াল জীৱিকাহীন হোৱাৰ ফলত বেয়া অৱস্থালৈ গতি কৰিছে আৰু আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ এক সমীক্ষা মতে, প্ৰায় 23 কোটি ভাৰতীয় নাগৰিকৰ আয় দিনে 375 টকা তললৈ নামি গৈছে । এতিয়া দেশত তেওঁলোকৰ বাবে যেন কামো নাই আৰু খাদ্যও নাই ৷

‘ৰাইট টু ফুড কেম্পেইন’ নামৰ এক সংস্থাৰ মতে, যোৱা বছৰ লক ডাউনৰ বাবে ভাৰতৰ 27 শতাংশ ভাৰতীয়ই অনাহাৰে থাকিবলগীয়া হৈছিল । তেনে ধৰণৰ পৰিস্থিতি সৃষ্টি হোৱাতো কেতিয়াও কাম্য নহয় । দেশৰ খাদ্য ভঁৰালত যথেষ্ট পৰিমাণৰ খাদ্য মজুত আছে । এতিয়া সময় আহি পৰিছে, য’ত আমি যাৰ প্ৰয়োজন সেইসকলক যেন খাদ্য সামগ্ৰীৰ যোগান ধৰিব পাৰো । চৰকাৰে যুদ্ধকালীন গতিত কাম কৰি অনাহাৰ মৃত্যুৰ সম্ভাৱনীয়তা কমোৱাৰ বাবে চেষ্টা কৰা ভাল ।

ABOUT THE AUTHOR

...view details