নিউজ ডেস্ক,১১ ফেব্ৰুৱাৰী:হায়দৰাবাদ আৰক্ষীৰ জালত পৰে এটা বৃহৎ গাড়ী চুৰি চক্ৰ । বুধবাৰে গাড়ী চুৰি চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে ৪ টা দুৰ্ধৰ্ষ চোৰ আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ সামগ্ৰী উদ্ধাৰ কৰে । হায়দৰাবাদ মহানগৰৰ আৰক্ষী আয়ুক্ত অঞ্জনি কুমাৰে সংবাদ মাধ্যমৰ আগত জনোৱা মতে চোৰ কেইটাৰ বিৰুদ্ধে মেট্ৰ' ষ্টেচনত ব্য়ক্তিগত বাইক ভাড়া সেৱাৰ সৈতে জড়িত বাহনৰ চকা চুৰি কৰাৰ অভিযোগ আছিল ।
আৰক্ষীয়ে চোৰ কেইটাৰ পৰা প্ৰায় ৩০ লাখ টকাৰ ৩৮ খন দুচকীয়া বাহন জব্দ কৰিছে । লগতে ১৬ খন বাহনৰ নথিপত্ৰ, ২ টা জিপিএছ ট্ৰেকাৰ, ৩ টা ম’বাইল আৰু ১ টা মেনুৱেল ল’কাৰ ছেট জব্দ কৰিছে । আৰক্ষীয়ে জনোৱা মতে চোৰৰ দলটোত ৭ জনকৈ সদস্য আছিল । আৰক্ষীয়ে আটক কৰা চোৰকেইটা ক্ৰমে মহম্মদ ৰিজৱান, মহম্মদ য়াছিন, মীৰ হামজা আৰু মহম্মদ ৱাজিদ ।