নেশ্যনেল ডেস্ক, ৩০ ডিচেম্বৰ: আচৰিত যেন লাগিলেও সত্য । মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত দাঁত মাজি থকা অৱস্থাতে হঠাতে এজন লোকৰ পেটলৈ সোমাই গ'ল টুথব্ৰাছ । লোকজনে ব্ৰাছডাল গিলি দিয়াৰ পিছতে প্ৰচণ্ড পেটৰ বিষ আৰম্ভ হয় । ইয়াৰ পিছতে তেওঁক ঔৰংগাবাদৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰোৱা হয় ।
ঔৰংগাবাদত এজন লোকৰ পেট পালেগৈ টুথব্ৰাছ
টুথব্ৰাছ ব্যৱহাৰ কৰোঁতে সাৱধান । আপোনাৰ সৰু ভুলৰ বাবে পেটলৈ সোমাই যাব পাৰে ব্যৱহাৰ কৰি থকা টুথব্ৰাছডাল । ঔৰংগাবাদত অসাৱধনতাবশতঃ দাঁত মাজিবলৈ ব্যৱহাৰ কৰা ব্ৰাছ পালেগৈ এজন লোকৰ পেট । অস্ত্ৰোপচাৰ কৰি ৩৩ বছৰীয়া লোকজনৰ পেটৰ পৰা ব্ৰাছডাল উলিয়াই আনিলে চিকিৎসকে ।
অসাৱধনতাৰ বাবে ঔৰংগাবাদত এজন লোকৰ পেট পালেগৈ টুথব্ৰাছ
চিটি স্কেনৰ সময়তে মানুহজনে টুথব্ৰাছ গিলি দিয়াৰ কথা ধৰা পৰে । ইয়াৰ পিছতে চিকিৎসকে ততাতৈয়াকৈ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লয় । ডা০ কানন য়েকিকাৰৰ নেতৃত্বত চিকিৎসকৰ এটা দলে অস্ত্ৰোপচাৰ কৰি ৩৩ বছৰীয়া লোকজনৰ পেটৰ পৰা ব্ৰাছডাল উলিয়াই আনে ।
লগতে পঢ়ক:অহা ৭ জানুৱাৰীলৈকৈ ইংলেণ্ডৰ পৰা ভাৰতলৈ বিমান পৰিবহণ নিষিদ্ধ