নেশ্যনেল ডেস্ক, 16 মে’ : লণ্ডনৰ ভাৰতীয় উচ্চ আয়োগৰ ৰাষ্ট্ৰীয় পতাকা তললৈ নমাই খালিস্তানী পন্থীয়ে কৰা প্ৰতিবাদী কাৰ্যসূচীৰ তদন্তৰ ভাৰ লাভ কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ নিয়াই ৷ ভাৰতীয় উচ্চায়ুক্তৰ আক্ৰমণত জড়িত 45 জন সন্দেহযুক্ত লোকৰ অৱস্থান বিচাৰি উলিয়াবলৈ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ অনুসন্ধানৰ দায়িত্বত থকা দলে যাৱতীয় কাম আৰম্ভ কৰিছে । তদন্ত সন্দৰ্ভত অধিক তথ্য জানিবলৈ দি ইটিভি ভাৰতৰ আগত দেশৰ প্ৰধান সন্ত্ৰাসবাদী তদন্ত সংস্থাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই অনুসন্ধানকাৰী দলটোৰ এটা দলে পঞ্জাৱৰ বিভিন্ন ঠাইত তালাচী চলাই থকাৰ বিপৰীতে আন এটা দলে যুক্তৰাজ্যত শিবিৰ পাতিছে বুলি জানিবলৈ দিয়ে ।
বিষয়টো সন্দৰ্ভত বিষয়াগৰাকীয়ে ‘পঞ্জাৱত এন আই এৰ দলে স্থানীয় নিৰাপত্তা সংস্থাসমূহৰ সমৰ্থন গ্ৰহণ কৰি আহিছে ৷ আনহাতে, লণ্ডনত এন আই এৰ দলে ভাৰতীয় উচ্চায়ুক্তৰ সহায় লৈ আহিছে । 19 মাৰ্চত সংঘটিত এই কাণ্ডৰ সৈতে জড়িত 45 জন অভিযুক্তৰ আটাইকেইজন অভিযুক্তৰ ছবি এন আই এয়ে প্ৰচাৰ কৰিছিল য’ত তেওঁলোকে চৰকাৰী বিষয়াক আক্ৰমণ কৰাৰ উপৰিও ভাৰতৰ জাতীয় পতাকাখনক অসন্মান প্ৰদৰ্শন কৰিছিল । লণ্ডন উচ্চায়ুক্তৰ আক্ৰমণত জড়িত সকলো অভিযুক্ত খালিস্তানী সমৰ্থক আছিল বুলি প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।