অসম

assam

ETV Bharat / bharat

Attack on convoy of Nisith Pramanik : মন্ত্ৰী নিশিথ প্ৰামাণিকৰ কয়ভয়ত আক্ৰমণ

কোচবিহাৰৰ দিনহাটাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী নিশিথ প্ৰামাণিকৰ কনভয়ত আক্ৰমণ (Attack on convoy of Nisith Pramanik)। টিএমচিৰ কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ মন্ত্ৰীগৰাকীৰ । ঘটনাৰ পাছতে টিএমচি আৰু বিজেপিৰ মাজত তীব্ৰ সংঘৰ্ষ ।

By

Published : Feb 25, 2023, 8:29 PM IST

Attack on convoy of Nisith Pramanik
মন্ত্ৰী নিশিথ প্ৰামাণিকৰ কয়ভয়ত আক্ৰমণ

নেশ্যনেল ডেস্ক,২৫ ফেব্ৰুৱাৰী :তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ সংঘৰ্ষৰ ফলত উত্তপ্ত হৈ পৰিছে পশ্চিমবংগৰ কোচবিহাৰৰ দিনহাটা অঞ্চল (Clashes between TMC and BJP worker)। এইবাৰ কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিশিথ প্ৰামাণিকৰ কনভয়ত আক্ৰমণ কৰিলে উত্তপ্ত প্ৰতিবাদকাৰীয়ে । মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে তৃণমূল কংগ্ৰেছৰ সমৰ্থকসকলে তেওঁৰ বাহনলৈ শিল নিক্ষেপ কৰিছিল (Nisith Pramaniks Car attacked)।

ইফালে এই আক্ৰমণত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰীগৰাকীৰ বাহনৰ খিৰিকীৰ আইনা ভাঙি চূৰ্ণ হয় । প্ৰমাণিকে উল্লেখ কৰা মতে আৰক্ষীক ঘটনাটোৰ বিষয়ে অৱগত কৰাৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় । ইফালে পশ্চিমবংগত এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীও সুৰক্ষিত নহয় বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰে । তেওঁ উল্লেখ কৰা মতে পশ্চিমবংগৰ সাধাৰণ ৰাইজৰ অৱস্থাৰ বিষয়ে তেওঁ ভালদৰে বুজি পায় । বংগৰ মানুহে এনে পৰিস্থিতিক কেতিয়াও গ্ৰহণ নকৰে বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে (Nisith Pramanik under attack)।

নিশিথ প্ৰামাণিকে দাবী কৰা মতে যদি এনে ৰাজনৈতিক পৰিস্থিতি অব্যাহত থাকে তেন্তে পশ্চিমবংগৰ গণতন্ত্ৰ ধ্বংস হ'ব । আনহাতে মন্ত্ৰীগৰাকীৰ গুৰুতৰ অভিযোগ যিসকল প্ৰতিবাদকাৰীয়ে শিল আৰু বোমা নিক্ষেপ কৰিছে তেওঁলোকক আৰক্ষীয়ে সুৰক্ষা প্ৰদান কৰিছে (Minister Nisith Pramanik slams WB Police)। ইফালে এই ঘটনাৰ পাছতে অঞ্চলটোত আৰক্ষীৰ এটা বৃহৎ দল মোতায়েন কৰা হয় ।

জানিব পৰা মতে বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ এই সংঘৰ্ষত শিল গুটি নিক্ষেপ কৰাৰ লগতে ইটোৱে আনটো পক্ষক লাঠিৰেও আক্ৰমণ কৰিছিল । পৰিস্থিতি ইমানে ভয়ংকৰ হৈছিল যে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক ছত্ৰভঙ্গ দিয়াবলৈ কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয় (Dinhata TMC BJP Clash)। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ কোচবিহাৰৰ কেইবাখনো আৰক্ষী থানাৰ পৰা বুৰিহাটলৈ আৰক্ষী বাহিনী প্ৰেৰণ কৰা হয় ।

উল্লেখ্য যে সীমান্ত সুৰক্ষা বাহিনীয়ে দিনহাটাত এজন যুৱকক হত্যা কৰাৰ অভিযোগত প্ৰতিবাদ অব্যাহত আছে । কিছুদিন পূৰ্বে টিএমচি নেতা উদয়ন গুহাই প্ৰামাণিকৰ ঘৰৰ সন্মুখতো এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল (TMC protest in West Bengal)। সমান্তৰালকৈ বিজেপিয়েও প্ৰতিবাদী সমদলৰ আয়োজন কৰিছিল । একেদৰে শনিবাৰেও টিএমচি কৰ্মীসকলে প্ৰামাণিকৰ বাহনত শিল নিক্ষেপ কৰে বুলি অভিযোগ কৰাৰ পাছতে টিএমচি আৰু বিজেপি সমৰ্থকৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয় ।

লগতে পঢ়ক :Congress plenary session: নিখিল কংগ্ৰেছৰ 85 সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ আজি দ্বিতীয় দিন

ABOUT THE AUTHOR

...view details