অসম

assam

By

Published : Sep 7, 2022, 3:14 PM IST

ETV Bharat / bharat

ত্ৰিপুৰাত কংগ্ৰেছ কৰ্মীৰ ওপৰত আক্ৰমণ, উচ্চ ন্যায়াললৈ যোৱাৰ হুংকাৰ কংগ্ৰেছৰ

ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি বিৰজিৎ সিনহাই বুধবাৰে কংগ্ৰেছ দলৰ এজন কৰ্মীৰ ওপৰত কৰা আক্ৰমণত (attack on Congress worker in Tripura) জড়িত অপৰাধীসকলক গ্ৰেপ্তাৰ কৰাত আৰক্ষী বিফল হ'লে উচ্চ ন্যায়ালয়লৈ যোৱাৰ ভাবুকি দিয়ে (TPCC President threatened to move High Court) ।

Tripura
Tripura

নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰ :ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি বিৰজিৎ সিনহাই বুধবাৰে কংগ্ৰেছ দলৰ এজন কৰ্মীৰ ওপৰত আক্ৰমণত (attack on Congress worker in Tripura) জড়িত অপৰাধীসকলক গ্ৰেপ্তাৰ কৰাত আৰক্ষী বিফল হ'লে উচ্চ ন্যায়ালয়লৈ যোৱাৰ ভাবুকি দিয়ে (TPCC President threatened to move High Court) ।

বিৰজিতে ত্ৰিপুৰাৰ পশ্চিম জিলাৰ জিৰানিয়া মহকুমাত বিজেপি এৰি কংগ্ৰেছত যোগদান কৰাৰ সময়ত আক্ৰমণৰ সন্মুখীন হোৱা কেশৱ সৰকাৰ নামৰ ব্যক্তিজনৰ বাসগৃহত উপস্থিত হয় । "ঘটনাটোৰ সময়ত মই আৰক্ষী বিষয়াসকলক অৱগত কৰিছিলোঁ, কিন্তু তেওঁলোক আক্ৰমণৰ পিছতহে আহে । আৰক্ষীয়ে কেশৱ সৰকাৰৰ বাসগৃহৰ প্ৰৱেশদ্বাৰ আৰু অন্যান্য বস্তু ভাঙি চূড়মাৰ কৰিবলৈ ব্যৱহাৰ কৰা বাহনখন জব্দ কৰে (Police seized vehicle used to vandalize) । তেতিয়াহ'লে তেওঁলোকে কিয় অপৰাধীক গ্ৰেপ্তাৰ কৰা নাই । তেওঁলোকে তেওঁলোকৰ সকলো প্ৰয়োজনীয় সামগ্ৰী লুটি লৈ গৈছে । এয়া হৈছে ৰাজনৈতিক ডকাইতি (TPCC president alleged political dacoity) । যদি আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰাত বিফল হয় তেন্তে আমি উচ্চ ন্যায়ালয়ৰ দুৱাৰ টুকুৰাবলৈ বাধ্য হ'ম ।" তেওঁ কয় ।

আনহাতে, সিনহাৰ সৈতে যোৱা সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় সম্পাদক (All India Congress National Secretary) জাৰিতা লাইথফ্লাঙে (Congress National Secretary Szarita Laithphlang) আজি ত্ৰিপুৰাত শাসকীয় বিজেপিক তীব্ৰ সমালোচনা কৰে আৰু দাবী কৰে যে ৰাজ্যখনত ৰাজনৈতিক হিংসাৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে (Congress critisized Tripura BJP) । "ৰাজ্যজুৰি বিশেষকৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত য'ত মানুহে বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিছে ৰাজনৈতিক হিংসা দিনে দিনে বাঢ়ি আহিছে । শাসকীয় দলে আমাৰ দলৰ কৰ্মীসকলক আক্ৰমণ কৰা দুৰ্বৃত্তক সমৰ্থন কৰিছে ।" তেওঁ সাংবাদিকৰ আগত এনেদৰে কয় । লগতে তেওঁ দাবী কৰে যে ২০১৮ চনত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছতে তেওঁলোকে সন্ত্ৰাসৰ ৰাজত্ব আৰম্ভ কৰিছে আৰু ৰাজ্যখনত ভয়ৰ পৰিৱেশে বিৰাজ কৰি আছে ।

"বৰ্তমান ৰাজ্যখনত চলি থকা পৰিস্থিতিৰ বিষয়ে জনসাধাৰণ অৱগত । ৰাজ্যজুৰি ভয়ৰ পৰিস্থিতি বিৰাজ কৰি আছে । মানুহবোৰ নিৰন্তৰ আক্ৰমণ, ভাবুকিৰ সন্মুখীন হৈছে, দিনৰ পোহৰতে ঘৰবোৰ আক্ৰমণৰ সন্মুখীন হৈছে ।

আনকি আৰক্ষীক অৱগত কৰাৰ পাছতো তেওঁলোকে কোনো পদক্ষেপ লোৱা নাই । কেৱল জিৰানিয়াতে নহয়, ৰাজ্যৰ আন প্ৰান্ততো বিজেপিয়ে বিৰোধী দলৰ কৰ্মী আৰু নেতাসকলৰ কণ্ঠৰোধ কৰাৰ চেষ্টা কৰি আছে যিটো কৰা উচিত নহয় । এইখন এখন গণতান্ত্ৰিক দেশ আৰু প্ৰতিটো ৰাজনৈতিক দলৰে অধিকাৰ আছে ।" তেওঁ কয় ।

লগতে পঢ়ক :জনজাতীয় উন্নয়ন প্ৰকল্প পৰিদৰ্শনৰ বাবে ত্ৰিপুৰাত উপস্থিত বিশ্ব বেংকৰ প্ৰতিনিধি দল

For All Latest Updates

ABOUT THE AUTHOR

...view details