অসম

assam

ETV Bharat / bharat

এটা সমষ্টিত এখনকৈ ৰেলী : মমতাৰ নিৰ্বাচনী প্ৰচাৰৰ লক্ষ্য - মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

মুঠ 294 টা সমষ্টিৰ প্ৰতিটোতেই নিৰ্বাচনী প্ৰচাৰ চলাব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ প্ৰায় 300 খনকৈ ৰাজহুৱা সভা আৰু ৰেলীত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মমতাই ৷

এটা সমষ্টিত এখনকৈ ৰেলী
মমতাৰ নিৰ্বাচনী প্ৰচাৰৰ লক্ষ্য

By

Published : Mar 3, 2021, 10:57 PM IST

নেশ্যনেল ডেস্ক, 3 মাৰ্চ : পশ্চিমবংগৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাচতে সকলোবোৰ ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে ৷ বুধবাৰৰ পৰা প্ৰাৰ্থীৰ নাম ঘোষণা প্ৰক্ৰিয়াও আৰম্ভ হৈছে ৷ এনে পৰিস্থিতিত ৰাজনৈতিক বিশ্লেষকসকলে বিশ্বাস কৰিছে যে, যিকোনো দলৰ বাবেই এই বছৰৰ নিৰ্বাচন কঠিন হ'ব ৷

ইতিমধ্যেই ৰাজ্যখনত মূখ্য বিৰোধী দল হিচাপে চিহ্নিত হোৱা বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু অন্যান্য ৰাষ্ট্ৰীয় বিজেপি নেতাসকল ৷

মমতাৰ বিশাল গণসভা সম্বোধন

আনহাতে, শাসনাধীষ্ঠ তৃণমূল কংগ্ৰেছ দলৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে থাকিব অভিষেক বন্দোপাধ্যায়, সুব্ৰত বক্সী, পাৰ্থ চত্তোপাধ্যায়, ফিৰহাদ হাকিম, অৰুপ বিশ্বাস, নুছৰত জাহান, মিমি চক্ৰৱৰ্তী আদি ৷

মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে প্ৰায় 300 খনকৈ ৰাজহুৱা সভা আৰু ৰেলীত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ৰাজ্যখনৰ মুঠ 294 টা বিধানসভা সমষ্টিতেই উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মমতা বেনাৰ্জীয়ে ৷

লগতে পঢ়ক :DMK আৰু AIADMK ৰ সৈতে আসন বুজাবুজিত জটিলতা অংশীদাৰৰ

ABOUT THE AUTHOR

...view details