নেশ্যনেল ডেস্ক,৩ ডিচেম্বৰ :৪ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগণনা প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত । নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰা নাই যদিও ইতিমধ্যে বিজেপিয়ে তিনিখন ৰাজ্য ক্ৰমে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজয় নিশ্চিত কৰিছে । কংগ্ৰেছেও তেলেংগানাত বিজয়ৰ দিশে আগবাঢ়িছে । ইয়াৰ মাজতে ৰাহুল গান্ধীয়ে এক্সৰ জৰিয়তে ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । হিন্দীবলয় ৰাজ্যত কংগ্ৰেছৰ শোচনীয় প্ৰদৰ্শনৰ পাছত তেওঁ জনসাধাৰণৰ সিদ্ধান্তক গ্ৰহণ কৰিছে ।
তেওঁ এক্সৰ পোষ্টত কয় যে কংগ্ৰেছে বিনম্ৰতাৰে মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানৰ ৰাইজৰ সিদ্ধান্তক গ্ৰহণ কৰিছে । অৱশ্যে আদৰ্শৰ যুঁজ অব্যাহত থাকিব বুলিও তেওঁ উল্লেখ কৰিছে । ইফালে তেলেংগানাবাসীৰ প্ৰতি অত্যন্ত কৃতজ্ঞ ৰাহুল গান্ধী । কংগ্ৰেছে নিশ্চিতভাৱে প্ৰজালু তেলেংগানা নিৰ্মাণৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব বুলি তেওঁ দাবী কৰিছে । সকলো কৰ্মীক তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু সমৰ্থনৰ বাবে আন্তৰিক ধন্যবাদো জ্ঞাপন কৰে ৰাহুল গান্ধীয়ে ।