তেজপুৰ, ১১ মে’ : হিংসা জৰ্জৰিত মণিপুৰৰ ইম্ফল ইষ্ট জিলাৰ দুলাহাবিত অচিনাক্ত দুৰ্বৃত্তই অসম ৰাইফলছৰ কনভয়লৈ সোমবাৰে কৰে গুলীচালনা ৷ প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা এই তথ্য প্ৰকাশ কৰা হৈছে (Assam Rifles jawan injured in gunfight in Manipur)।
সোমবাৰে অসম ৰাইফলছৰ এটা বাহিনীয়ে তহলদাৰী পহৰা দি থকা অৱস্থাত অচিনাক্ত লোকে ধাৰাসাৰ গুলীবৰ্ষণ কৰে ৷ ফলত অসম ৰাইফলছৰ এজন জোৱান গুৰুতৰভাৱে আহত হয় (Assam Rifles jawan injured as miscreants fire at Imphal)। পৰৱৰ্তী সময়ত জোৱানজনক সেনাৰ চিতা হেলিকপ্তাৰৰ সহায়ত সেনাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
ইফালে মণিপুৰৰ সামগ্ৰিক পৰিস্থিতি কিছু পৰিমাণে শান্ত হোৱা বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ৷ অৱশ্যে বৰ্তমানো ঠায়ে ঠায়ে উত্তেজনা অব্যাহত আছে । বহু ঠাইত এতিয়াও শিবিৰতে বাহৰ পাতি আছে বহুলোক ৷ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে প্ৰথমবাৰৰ বাবে ভুক্তভোগীয়ে আশ্ৰয় লোৱা শিবিৰত পৰিদৰ্শন কৰি জনসাধাৰণক আশ্বাস প্ৰদান কৰিছে । আনহাতে, মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেয়ে বুধবাৰে মণিপুৰ ভ্ৰমণ কৰি ইম্ফলৰ সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰাৰ লগতে শিবিৰত বাস কৰি থকা লোকসকলৰ সৈতে বাৰ্তালাপো কৰে ।
উল্লেখ্য যে, ৩ মে’ত চুৰাচান্দপুৰত সংঘটিত হোৱা অবাঞ্চিত হিংসাত্মক সংঘৰ্ষৰ ফলত ইতিমধ্যে মণিপুৰৰ কেইবাজনো লোকে প্ৰাণ হেৰুৱাব লগাত পৰিছে ৷ আনকি বহু লোক আঘাতপ্ৰাপ্তও হৈছে ৷ লগতে হাজাৰ হাজাৰ লোকৰ গৃহহীন হোৱাৰ পিচত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাহায্য শিবিৰ মুকলি কৰা হয় ।
মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, এই সংঘৰ্ষত মুঠ ৬০ জন লোকৰ মৃত্যু হৈছে আৰু ২৩১ জন লোক আহত হয় । আনহাতে, সেনা অসম ৰাইফলছ আৰু সুৰক্ষা বাহিনীয়ে ২৩,০০০ অধিক লোকক হিংসা জৰ্জৰিত স্থানৰ পৰা উদ্ধাৰ কৰি নিৰাপদ স্থানত আশ্ৰয় প্ৰদান কৰিছে ।