নিউজ ডেস্ক, 9 ডিচেম্বৰ :নাগালেণ্ডত সংঘটিত হোৱা সেনাবাহিনীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাক দুৰ্ভগ্যজনক আখ্যা দিছে বৰপেটা সংসদীয় সমষ্টিৰ সাংসদ আব্দুল খালেকে (MP Abdul Khaleque on Army ambush in Nagaland) ৷ কেন্দ্ৰীয় চৰকাৰলৈ সশস্ত্ৰ সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA প্ৰত্যাহৰৰ লগতে তদন্ত প্ৰক্ৰিয়া স্বচ্ছভাৱে কৰাৰ বাবে বিশেষ আহ্বান জনায় সাংসদ গৰাকীয়ে (Abdul Khaleque urges Centre to repeal AFSPA)৷
ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সাংসদ খালেকে কয় যে, ‘‘এইটো এটা অতি দুৰ্ভাগ্যজনক ঘটনা আৰু মই কেন্দ্ৰীয় চৰকাৰক এই ঘটনা সন্দৰ্ভত সম্পূৰ্ণ স্বচ্ছ তদন্ত কৰোৱাৰ বাবে দাবী জনাম ৷ কিয়নো এইটো নিৰাপত্তা বাহিনীৰ দ্বাৰা সংঘটিত এটা গুৰুত্বপূৰ্ণ নিৰাপত্তাজনিত ভুল ৷ মই ব্যক্তিগতভাৱে AFSA প্ৰত্যাহাৰ কৰাতো বিচাৰোঁ ৷ চৰকাৰে নিজেই কৈছিল যে আইন-শৃংখলা জনিত পৰিস্থিতি উন্নত হৈছে ৷ যদি আইন-শৃংখলা জনিত পৰিস্থিতি উন্নত হৈছে, তেন্তে AFSPAৰ প্ৰয়োজন ক’ত ?’’
নাগালেণ্ডৰ মন জিলাত সেনা বাহিনীয়ে চলোৱা এটা উগ্ৰপন্থী বিৰোধী অভিযানত নিহত হৈছিল 14 গৰাকী নিৰীহ লোক (Civilian Killed in Nagaland by Army) ৷ এই ঘটনাই পুনৰ এবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা AFSPA বিতাৰণৰ প্ৰসংগক উজ্জীৱীত কৰি তুলিছে ৷ সাংসদ খালেকে কয় যে, AFSPA কে ধৰি উত্তৰ-পূৱত বলৱৎ হৈ থকা সেনা বাহিনীৰ দ্বাৰা নিয়ন্ত্ৰিত যিকোনো আইন প্ৰত্যাহৰ কৰিব লাগে ৷ সমস্যাবোৰ আলোচনা আৰু আইনৰ দ্বাৰা সমাধা কৰিব লাগে ৷ AFSPA আৰু আন আইনে এই নিৰাপত্তাৰ সমস্যা সমাধান কৰিব নোৱাৰে বুলি মন্তব্য কৰে সাংসদ খালেকে ৷
লগতে পঢ়ক :Demand to repeal AFSPA: পুনৰ প্ৰাণ পাই উঠাৰ দিশে নগাৰ সশস্ত্ৰ সংগ্ৰাম
ইয়াৰ লগতে খালেকে এই ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া বিবৃতিক ভিত্তিহীন আখ্যা দিয়ে (Amit Shah's statement on Nagaland incident)৷ তেওঁ কয় যে, শ্বাহৰ এই মন্তব্যৰ সৈতে একমত হ’ব নোৱাৰি ৷ সেয়ে অতি শীঘ্ৰে এক স্বচ্ছ তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী তোলে সাংসদ আব্দুল খালেকে ৷