গুৱাহাটী, 18 অক্টোবৰ:গান্ধী পৰিয়ালৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক হৈ পৰিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ ৰাহুল গান্ধীৰ ৰাজনৈতিক জ্ঞান শূণ্য বুলি উল্লেখ কৰাৰ লগতে গান্ধী পৰিয়ালক কঠোৰ ভাষাৰে কটাক্ষ কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপিত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলে বুলি অভিযোগ উত্থাপন কৰিছিল ৷ তাৰেই প্ৰত্যুত্তৰত মংগলবাৰে গুৱাহাটীৰ বাজপেয়ী ভৱনত সংবাদ মাধ্যমৰ আগত ৰাহুলক 'নিৰক্ষৰ ব্যক্তি' বুলি অভিহিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
ৰাহুল গান্ধীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলাই কয় যে ৰাহুল গান্ধীয়ে বংশ ৰাজনীতিৰ অৰ্থ জানিব লাগে । ৰাহুল গান্ধীয়েই হ’ল বংশ ৰাজনীতিৰ মূল প্ৰতীক বুলিও অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কটাক্ষ কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাহুল গান্ধীয়ে প্ৰথমে নিজৰ দলটোক সবল কৰি তোলাত যত্নপৰ হ’ব লাগে তাৰ পিছতহে আন কাৰোবাক সমালোচনা কৰিব লাগে ৷
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয় , "বংশকেন্দ্ৰিক ৰাজনীতিৰ কথা আহিলে ৰাহুল গান্ধীয়ে নিশ্চয় ইয়াৰ অৰ্থ বুজি নাপায় । অমিত শ্বাহৰ পুত্ৰ ৰাজনীতিত নাই, কিন্তু ৰাহুল গান্ধীৰ সমগ্ৰ পৰিয়ালটো কংগ্ৰেছত আছে ।"