অসম

assam

ETV Bharat / bharat

অসম, বিহাৰ, ৰাজস্থানত ব্যৱহাৰ কৰা হয় সৰ্বাধিক দূষিত ভূগৰ্ভস্থ পানী

আপুনিও বাৰু দূষিত পানী সেৱন কৰি আছে নেকি ? দূষিত ভূগৰ্ভস্থ পানী সৰ্বাধিক ব্যৱহাৰ কৰা ৰাজ্যৰ তালিকাত আছে অসমৰ নাম । অসম, ৰাজস্থান, বিহাৰ আৰু ওড়িশাত সৰ্বাধিক দূষিত ভূগৰ্ভস্থ পানী ব্যৱহাৰ কৰা হয় । এতিয়াও সামূহিক পানী বিশুদ্ধকৰণ প্ৰকল্পই সামৰি লোৱা নাই এই ৰাজ্যকেইখনৰ গ্ৰামাঞ্চলৰ বহু স্থানক ।

By

Published : Nov 3, 2021, 11:23 AM IST

Assam, Bihar, Rajasthan consume maximum contaminated ground water
সৰ্বাধিক দূষিত ভূগৰ্ভস্থ পানী ব্যৱহাৰ কৰা হয় অসম, বিহাৰ, ৰাজস্থানত

নেশ্যনেল ডেস্ক, ৩ নৱেম্বৰ: জলজীৱন মিছনৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ পানী যোগানৰ ব্যৱস্থা কৰা হৈছে যদিও এতিয়াও অসমৰ বহু লোকে বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । চৰকাৰী তথ্যতে এই কথা পোহৰলৈ আহিছে । কেৱল অসমতে নহয়, ৰাজস্থান, বিহাৰ আৰু ওড়িশাতো একেই পৰিস্থিতি । এই ৰাজ্যসমূহৰ বহু গাঁৱত এতিয়াও বিশুদ্ধ খোৱাপানীৰ অভাৱ । সামূহিক পানী বিশুদ্ধকৰণ প্ৰকল্পৰ অধীনতো কোনো সুবিধা লাভ কৰা নাই এইবোৰ অঞ্চলৰ ৰাইজে ।

ইটিভি ভাৰতৰ হাতত পৰা কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি, অসমৰ ২০,৯৫৬টা জনবসতিপূৰ্ণ অঞ্চল, ৰাজস্থানৰ ১২,১৬০টা, বিহাৰৰ ৩৯৬৬টা আৰু ওড়িশাৰ ৩৪৬৫টা জনবসতিপূৰ্ণ অঞ্চলত দূষিত পানী সেৱন কৰে । অসমৰ প্ৰায় ১১৯৪টা জনবসতিপূৰ্ণ অঞ্চলত আৰ্চেনিকযুক্ত পানী, ১২টাত ফ্ল'ৰাইডযুক্ত পানী আৰু ১৯৭৪৫টা জনবসতিয়ে আইৰণযুক্ত পানী সেৱন কৰা হয় । একেদৰে, ৰাজস্থানৰ ১৩৫৮টা জনবসতিপূৰ্ণ অঞ্চলত ফ্ল'ৰাইডযুক্ত পানী, ১০১০৬টা জনবসতিপূৰ্ণ অঞ্চলত লুণীয়া পানী আৰু ৬৯১টা জনবসতিপূৰ্ণ অঞ্চলত নাইট্ৰেটযুক্ত পানী আৰু পাঁচটা পৰিয়ালে আইৰণযুক্ত পানী গ্ৰহণ কৰে । এই পৰিসংখ্যা অনুসৰি, বিহাৰৰ অধিকাংশ জনবসতিয়ে আইৰণযুক্ত পানী সেৱন কৰে ।

লগতে কেতবোৰ অঞ্চলত আৰ্চেনিকযুক্ত আৰু ফ্ল'ৰাইডযুক্ত পানীয়েই একমাত্ৰ ভৰসা । একেদৰে, ওড়িশাৰ ৩৩৩৮ টা জনবসতিপূৰ্ণ অঞ্চলত আইৰণযুক্ত পানী সেৱন কৰে । আনহাতে, ৬৯ টা জনবসতিপূৰ্ণ অঞ্চলত আৰ্চেনিকযুক্ত আৰু ৩৩টাত ফ্ল'ৰাইডযুক্ত পানী ব্যৱহাৰ কৰে ।

আনহাতে, প্ৰায় ২৫টা জনবসতিপূৰ্ণ অঞ্চলত নাইট্ৰেটযুক্ত পানী গ্ৰহণ কৰে । এই ৰাজ্যসমূহৰ অতি কম সংখ্যক অঞ্চলকহে সামূহিক পানী বিশুদ্ধকৰণ প্ৰকল্পই সামৰি লৈছে । এই পৰিসংখ্যাত উল্লেখ কৰা মতে, অসমৰ ১২২০টা জনবসতিপূৰ্ণ অঞ্চল সামূহিক পানী বিশুদ্ধকৰণ প্ৰকল্পই সামৰি লৈছে । আনহাতে, বহু জনবসতিপূৰ্ণ এলেকা এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে ।

বিহাৰত দুটা, ওড়িশাৰ মাত্ৰ এটা আৰু ৰাজস্থানত ১২২০ জনবসতিয়ে এই সুবিধা লাভ কৰিছে । ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহতক কেন্দ্ৰীয় চৰকাৰে এনে স্থানত চি ডব্লিউ পি পি স্থাপন কৰিবলৈ পৰামৰ্শ দিছে, য'ত প্ৰতিটো পৰিয়ালক খোৱা আৰু ৰন্ধাৰ বাবে প্ৰয়োজনীয় পানীৰ অভাৱ পূৰণ কৰাৰ বাবে প্ৰতি দিনে ৮-১০ লিটাৰ প্ৰতি জনমূৰি হাৰত খোৱা পানী যোগান ধৰা হয় । উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ সৈতে অংশীদাৰিত্বত ২০১৯ চনৰ আগষ্ট মাহৰ পৰা জল জীৱন মিছন আঁচনি ৰূপায়ণ কৰি আছে । ২০২৪ চনৰ ভিতৰত দেশৰ প্ৰতিটো গ্ৰাম্য পৰিয়ালক নিৰ্ধাৰিত মানৰ খোৱা নলৰ পানী যোগান ধৰাৰ উদ্দেশ্যেৰে এই আঁচনি হাতত লোৱা হৈছে ।

এই অভিযানৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক পুঁজি আবণ্টন কৰাৰ সময়ত, আৰ্চেনিক, ফ্ল'ৰাইড আদি থকা পানী সেৱন কৰা লোকক অধিক গুৰুত্ব দিয়া হৈছে । কেন্দ্ৰীয় ভূ-গৰ্ভস্থ পানী পৰিষদে ভূ-গৰ্ভস্থ পানীৰ মান নিৰীক্ষণ কাৰ্যসূচী আৰু বিভিন্ন বৈজ্ঞানিক অধ্যয়নৰ অংশ হিচাপে আঞ্চলিক স্কেলত দেশৰ ভূ-গৰ্ভস্থ পানীৰ মানৰ তথ্য প্ৰস্তুত কৰিছে । এই অধ্যয়নে সূচাইছে যে, বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মানুহে দূষিত পানী ব্যৱহাৰ কৰি আহিছে । খোৱা পানী আৰু অনাময় বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, সমগ্ৰ ভাৰতৰ ১৯ খন ৰাজ্যৰ প্ৰায় ৪৭৮৭৩টা জনবসতিপূৰ্ণ অঞ্চলত খোৱা পানীৰ উৎসত গুণগত মানৰ সমস্যা আছে ।

লগতে পঢ়ক:কেপ্টেইন অমৰিন্দৰ সিঙে গঠন কৰিলে পঞ্জাৱ লোক কংগ্ৰেছ

ABOUT THE AUTHOR

...view details